তেজপুৰ, 2 আগষ্ট : উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত নৰ্থ-ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেচন (নেছ')ৰ এটা ছাত্ৰ প্ৰতিনিধিৰ দলে বুধবাৰে সন্ধিয়া ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰি মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ৷
![NESO Delegates Meet Manipur Governor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-08-2023/19165503_neso.jpg)
দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰা উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ ছাত্ৰ সংগঠনক লৈ গঠিত ছাত্ৰ সংগঠনটোৱে আজি চুৰাচান্দপুৰ ভ্ৰমণ কৰি বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে ৷ লগতে মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰভাৱিত কৰা উত্তৰ-পূবৰ আন ৰাজ্যৰ শিক্ষাৰ্থী তথা মণিপুৰৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যপালক এক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনাই ৷
![NESO Delegates Meet Manipur Governor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-08-2023/19165503_nesomanipur.jpg)
নেছ’ প্ৰতিনিধিৰ দলে ৰাজ্যপালক এখন স্মাৰকপত্ৰও প্ৰদান কৰে আৰু মণিপুৰত শান্তিৰ পৰিৱেশ পুনৰ ঘূৰাই আনিবলৈ সকলো পদক্ষেপ ল'বলৈ আহ্বান জনায় ৷ ৰাজ্যপালে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে বুলি দলটোক আশ্বাস প্ৰদান কৰে ৷ তেওঁ কয় যে, সম্প্ৰদায়সমূহৰ মাজত ঘৃণা আৰু অবিশ্বাস আঁতৰাব লাগিব আৰু সেয়ে ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাত ছাত্ৰ সংগঠনসমূহে মুখ্য ভূমিকা পালন কৰিব পাৰে ৷
ৰাজ্যপালগৰাকীয়ে লগতে প্ৰতিনিধিৰ দলটোক জনায় যে, তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত তেওঁলোকৰ উদ্বেগ উত্থাপন কৰিব আৰু শিক্ষাৰ্থীসকলৰ শৈক্ষিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব ৷ ৰাজ্যপালে তেওঁলোকক মণিপুৰত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত তেওঁলোককৰ সহযোগিতা কৰিবলৈ আহ্বান জনায় যাতে সকলোৱে সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰে ৷
ইয়াৰ পূৰ্বে আজি ৰাজভৱনৰ দৰবাৰ হলত মণিপুৰৰ ৰাজ্যপালগৰাকীৰ আহ্বানত অনুষ্ঠিত হয় এক গণ আন্তঃধৰ্মীয় প্ৰাৰ্থনা সভা ৷ ছানামাহী লাইনিং, খ্ৰীষ্টান, হিন্দু, মুছলমান, জৈন, ৰংমেই আৰু ব্ৰহ্মকুমাৰীৰ ধৰ্মীয় নেতাসকলে ৰাজ্যপালৰ সৈতে মণিপুৰত শান্তি আৰু সম্প্ৰীতি দ্ৰুতগতিত পুনৰুদ্ধাৰৰ বাবে সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷
ধৰ্মীয় নেতাসকলে তেওঁলোকৰ উপদেশ পাঠ কৰে আৰু সম্প্ৰদায়বোৰৰ মাজত প্ৰেম আৰু শক্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে চিৰকাল শান্তি আৰু ভাতৃত্ববোধৰ সৈতে একেলগে থাকিবলৈ প্ৰাৰ্থনা কৰে ৷ এনে ধৰণৰ পদক্ষেপৰ বাবে আন্তঃধৰ্ম মঞ্চক প্ৰশংসা কৰি ৰাজ্যপালে কয় যে, প্ৰাৰ্থনা সভাখন ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ বাবে আশাৰ পোহৰ হওঁক যাতে পাৰস্পৰিক বিশ্বাস আৰু ভাতৃত্ববোধৰ পৰিৱেশ পুনৰ ঘূৰাই আনিব পৰা যায় ৷
ৰাজ্যপাল গৰাকীয়ে কয় যে, ঈশ্বৰে আমাক দুয়োটা সম্প্ৰদায়ৰ মাজত ঘৃণা আঁতৰাই একত্ৰিত হোৱাৰ শক্তি প্ৰদান কৰিব যাতে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰ কৰিব পৰা যায় ৷ ৰাজ্যপালে মঞ্চৰ সদস্যসকলক বিভিন্ন স্থানত আৰু আনকি সাহাৰ্য শিবিৰত এনে প্ৰাৰ্থনা সভা আয়োজন কৰিবলৈ কয় ৷ তেওঁ নেতাসকলক ভয়, হতাশা আঁতৰ কৰাত আৰু যোগ, ধ্যান আয়োজন কৰাত সহায় কৰিবলৈ সাহাৰ্য শিবিৰৰ লোকসকলৰ সৈতে কথা পাতিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : Manipur Violence: মণিপুৰত দুগৰাকী সাংবাদিকৰ সৈতে মুঠ 30 জন নিৰুদ্দেশ