ETV Bharat / state

এন চি চি ৰ দলে উদ্ধাৰ কৰিলে ৰাজধানী এক্সপ্ৰেছৰ কোচ B-7 ৰ যাত্ৰীসকলক - নতুন দিল্লী

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা উত্তৰ-পূৰ্বাঞ্চলৰ এন চি চি ৰ দলে ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে এন চি চি দলটোৱে কোচ B-7 ৰ পৰা সুকলমে উদ্ধাৰ কৰে যাত্ৰীসকলক ৷

NCC CADETS HELPS PREVENT FIRE IN RAJDHANI EXPRESS
এন চি চি ৰ দলে উদ্ধাৰ কৰে ৰাজধানী এক্সপ্ৰেছৰ কোচ B-7 ৰ যাত্ৰীসকলক
author img

By

Published : Dec 19, 2020, 4:31 PM IST

তেজপুৰ, 19 ডিচেম্বৰ : শনিবাৰে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা উত্তৰ-পূৰ্বাঞ্চলৰ এন চি চি ৰ দলে ৷ তথ্য অনুসৰি, ৰাজধানী এক্সপ্ৰেছৰ B-7 কোচত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ৷ আনহাতে, কোচ B-6 ত আছিল এন চি চি ৰ দলটো ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে এন চি চি দলটোৱে কোচ B-7 ৰ পৰা সুকলমে উদ্ধাৰ কৰে যাত্ৰীসকলক ৷

NCC CADETS HELPS PREVENT FIRE IN RAJDHANI EXPRESS
এন চি চি ৰ দলে উদ্ধাৰ কৰে ৰাজধানী এক্সপ্ৰেছৰ কোচ B-7 ৰ যাত্ৰীসকলক

জানিব পৰা মতে, ভাৰতীয় সেনাৰ এন চি চি উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালকৰ অধীনত থকা এন চি চি ৰ কেডেট সকল সম্পূৰ্ণ নিপুন কাৰিকৰী আৰু সাহসিকতাৰে যাত্ৰী সকলক বিপদৰ পৰা ৰক্ষা কৰে বুলি জনাই প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰই লে কৰ্ণেল পি খংচাই । আনহাতে, ট্ৰেইনত যাত্ৰা কৰি থকা যাত্ৰী সকলেও এন চি চি ৰ কেডেট সকলক শলাগ লয় ।

লগতে পঢ়ক : তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনৰ ভোট গণনাৰ LIVE UPDATE...

উল্লেখ্য যে, কোকৰাঝাৰত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ৷ কোকৰাঝাৰ আৰু ফকিৰাগ্ৰাম ৰে’ল ষ্টেচনৰ মাজত ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ এটা চকাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় 10 মান বজাত দিল্লী অভিমুখী ০২৪৩২ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ এচি-৩ টায়াৰৰ বি ৭ ডবাৰ বাহিৰত যাত্ৰীয়ে ধোৱা প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিছতে হুৱা-দুৱা লাগে যাত্ৰীসকলৰ মাজত ৷

পৰৱৰ্তী সময়ত যাত্ৰীসকলে চেইন টানি ফকিৰাগ্ৰাম ৰে’ল ষ্টেচনত ৰে’লখন ৰখায় ৷ তাৎক্ষণিকভাৱে স্থানীয় আৰ পি এফ,জি আৰ পি এফ,ৰে’ল যাত্ৰীৰ লগতে স্থানীয় লোকে অগ্নি নিৰ্বাপনৰ চেষ্টা চলায় ৷ ঘটনাৰ তথ্য লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে কিছুসময় ফকিৰাগ্ৰাম ৰে’ল ষ্টেচনতে ৰখোৱাৰ পিছত পুনৰ গন্তব্য স্থানলৈ ৰাওনা হয় ৰে’লখন ৷

লগতে পঢ়ক : জালুকবাৰীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত 50 টাকৈ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.