ETV Bharat / state

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰিছে বনভোজৰ দলক

বনভোজৰ দলেৰে ভৰি পৰে ৰাজ্যৰ বনভোজস্থলীসমূহ ৷ পুৰণিক বিদায় দি নতুনক আদৰাত ব্যস্ত ৰাজ্যবাসী ৷ হাঁহি-ধেমালিৰ মাজেৰে এসাঁজ খাবলৈ বনভোজস্থলীসমূহলৈ ওলাই আহিছে সকলোৱে ৷

author img

By

Published : Dec 22, 2020, 7:17 AM IST

Namery National Park's Natural beauty has become the center of attraction
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰিছে বনভোজৰ দলক

ৰঙাপৰা, 22 ডিচেম্বৰ: পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যত ৷ বছৰৰ শেষত হাঁহি-ধেমালি আৰু আনন্দৰ মাজেৰে এসাঁজ লগে ভাগে খোৱাৰ আনন্দই সুকীয়া ৷ প্ৰত্যেক বছৰেই বনভোজৰ দলেৰে ভৰি পৰে ৰাজ্যৰ বনভোজস্থলীসমূহ ৷ একেদৰে শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুং আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতিছে বনভোজ দলসমূহক ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মনোৰম দৃশ্যই বনভোজ দলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ পৰা বৈ অহা জীয়া ভৰলী নদীখনৰ নৈসৰ্গিক পৰিৱেশেও বনভোজ দসমূহক বিশেষ ভাৱে আকৰ্ষণ কৰিছে ৷

উল্লেখ্য যে,পাহাৰৰ মাজে মাজে শিলে-শিলে খুন্দা খাই উদ্যানখনৰ কাষেৰে নামনিলৈ বৈ অহা জীয়াভৰলী নদীখনৰ পাৰত থকা দেশী-বিদেশী চৰাইৰ আনন্দ বিহাৰ,নৈখনৰ মাজত থকা একো একোটা সৰু-বৰ শিলাখণ্ড আৰু হিমালয়ৰ পৰা আৰম্ভ কৰি আৱৰি থকা পাহাৰবোৰে শোভাবৰ্ধন কৰি ৰাখিছে এই সমগ্ৰ অঞ্চলটোক ৷ প্ৰকৃতিৰ ৰম্যভূমিত পৰিণত হৈছে ভালুকপুং,নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন । অসম-অৰুণাচল সীমান্তৱৰ্তীৰ নৈসৰ্গিক প্ৰাকৃতিক দৃষ্টি নন্দন পৰিৱেশে দৃষ্টি আকৰ্ষণ কৰিছে বহু বনভোজ দলৰ লগতে বিভিন্ন জনক ৷

লগতে পঢ়ক: চিৰাঙৰ হাতী-মানুহৰ সমস্যাক লৈ ডব্লিউ ডব্লিউ এফৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.