ETV Bharat / state

একেটা পৰিয়ালৰ দুগৰাকীক ঘপিয়ালে দুৰ্বিত্তই - সন্ধানহীন

ঢেকিয়াজুলিৰ চপাই বালিগাওঁত নৃশংস ঘটনা ৷ পৰুিয়ালৰ দুগৰাকীক ঘপিয়াই এগৰাকীক অপহৰণৰ সন্দেহ ৷ সন্ধানহীন পূৰৱীৰ পিন্ধা কপোৰ পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷

একেটা পৰিয়ালৰ দুগৰাকীক ঘপিয়ালে দুৰ্বিত্তই

author img

By

Published : Feb 21, 2021, 7:13 PM IST

ৰঙাপাৰা, 20 ফেব্ৰুৱাৰী: ঢেকিয়াজুলিৰ চপাই বালিগাওঁত নৃশংস ঘটনা ৷ শনিবাৰে নিশা তিনিজনীয়া পৰিয়াল এটাৰ ঘৰত সোমাই অচিনাক্ত দুৰ্বিত্তই ঘপিয়ালে দুগৰাকী সদস্যক ৷ লগতে এগৰাকী কিশোৰীক অপহৰণৰ সন্দেহ কৰাৰ প্ৰকাশ কৰা হৈছে ৷

আৰক্ষীৰ সুত্ৰ মতে মাতৃ জিলি ৰাভাক ঘপিওৱাৰ পিচতেই টি এম চি এইচত আহত অৱস্থাত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় জিলি ৰাভাৰ ৷

বৰ্তমান আহত হৈ চিকিৎসাধীন হৈ আছে চেৱা ৰাভা নামৰ এটি শিশু ৷ ইপিনে সন্ধানহীন অৱস্থাত আছে পূৰৱী ৰাভা ৷ আৰক্ষী আৰু স্থানীয় ৰাইজে অব্যাহত ৰাখিছে অভিযান ৷

সন্ধানহীন পূৰৱীৰ পিন্ধা কপোৰ পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত জিলি ৰাভাৰ স্বামী মোহন ৰাভা কৰ্মসূত্ৰে মনিপুৰত আছে ৷ অতি দৰিদ্ৰ পৰিয়ালটোৱে কোনোমতে এটা জৰাজীৰ্ণ চালিৰ তলত বসৱাস কৰিছিল ৷ এনে দৰিদ্ৰ পৰিয়ালটোক এনেদৰে নিৰ্মম ভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:ৰূপহীহাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.