চতিয়া,৩ মে’: নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পাছতেই জামুগুৰিহাটত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ জামুগুৰিহাটৰ কেন্দ্ৰস্থলৰ গাতে লাগি থকা এটা গেৰেজত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ জামুগুৰিহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে, জামুগুৰি আৰক্ষী নিৱেশৰ নিকটৱৰ্তী এটা গেৰেজত সোমবাৰে পুৱা দুই কৰ্মচাৰী ক্ৰমে মুন্না মাহাতো আৰু নাৰায়ণ দাসৰ মাজত কিবা কথাক কেন্দ্ৰ কৰি বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটে ৷
ইয়াৰ মাজতে উত্তেজিত হৈ নাৰায়ণ দাস নামৰ কৰ্মচাৰীজনে ওচৰতে থকা লোহাৰ ৰড এডালেৰে সহকৰ্মী মুন্না মাহাতোক উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰে ৷ ঘটনাটো সংঘটিত কৰিয়েই অভিযুক্ত গৰাকীয়ে ওচৰতে থকা জামুগুৰি আৰক্ষী নিৱেশত গৈ আত্মসমৰ্পণ কৰে ৷ মৃত মুন্নাৰ ঘৰ জামুগুৰি আৰক্ষী নিৱেশৰ অন্তৰ্গত মাহমৰাপাৰত আৰু অভিযুক্ত নাৰায়ণৰ ঘৰ বিশ্বনাথ চাৰিআলিত ৷ ইতিমধ্যে মুন্নাৰ মৃতদেহটো জামুগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে ৷