ETV Bharat / state

পিতৃৰ প্ৰহাৰত মৃত্যু সুৰাপায়ী পুত্ৰৰ

লক-ডাউনৰ মাজতে জামুগুৰিহাটত লোমহৰ্ষক হত্যাকাণ্ড ৷ পিতা-পুত্ৰৰ মাজত সৃষ্টি হোৱা কাজিয়াই প্ৰাণ ললে সুৰাপায়ী পুত্ৰৰ

Murder at jamuguri
ৰবিন বৰা
author img

By

Published : Apr 29, 2020, 2:30 PM IST

চতিয়া, 29 এপ্ৰিল : লকডাউনৰ মাজতেই জামুগুৰিহাটত মঙ্গলবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ নিজ পিতৃয়ে হত্যা কৰিলে সুৰাপায়ী পুত্ৰক ৷ ঘটনাৰ বিৱৰণ অনুসৰি মঙ্গলবাৰৰ নিশা ৰবিন বৰা নামৰ লোকজনে সুৰাপান কৰি অহাত পিতৃৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ পৰৱৰ্তী সময়ত পিতা-পুত্ৰৰ মাজৰ কাজিয়া তীব্ৰতৰ হৈ উঠাত পিতৃ থুলেশ্বৰ বৰাই কাষতে থকা এডাল বাঁহৰ লাঠিৰে পুত্ৰক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ পিতৃৰ প্ৰহাৰত গুৰুতৰভাবে আহত হোৱা পুত্ৰ ৰবিন বৰাক স্থানীয় একাংশ লোকে 108 সেৱাৰ জৰিয়তে উত্তৰ জামুগুৰি 30 খন বিচনাযুক্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ৰবিন বৰাৰ পত্নী

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী পিতৃ ফুলেশ্বৰ বৰাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, গাড়ী চলাই পৰিয়াল পোহপাল দিয়া মৃত ৰবিন বৰা এটি সন্তানৰ পিতৃ আছিল ৷ পিতৃৰ হাতত পুত্ৰৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ জামুগুৰিহাটতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : দুঃখবৰ ! জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.