তেজপুৰ, ২৬ ছেপ্টেম্বৰ: ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰত কোনো ধৰণৰ বিসম্বাদ নাই । ভাৰতীয় জনতা পাৰ্টীত ব্যক্তি বিশেষে কোন কাম নাই,দেশই সৰ্বোচ্চ । মানুহে বু-বু বা-বা কৰিব পাৰে কিন্তু ভিতৰ চৰাত একো নাই । এই মন্তব্য তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ (MP Pallab Lochan Das react on rebellion in BJP)।
সোমবাৰে তেজপুৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অসমত বৰ্তমান দলকলৈ কোনো বিসম্বাদ নাই । তেওঁ পুনৰ কয় যে দেশৰ স্বাৰ্থ সৰ্বোচ্চ,তাৰ পিছত দল । প্ৰকৃততে অসম ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত দলৰ নেতৃত্বক লৈ একাংশই অসন্তোষ প্ৰকাশ পাইছে নেকি বুলি জানিব বিচৰাত তেওঁ কয় যে এই দলৰ ভিতৰত তেনেকুৱা কোনো কথা নহয় ।
আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণত (Pallab Lochan comment on Constituency rescheduling) সমষ্টিটোৰ প্ৰাৰ্থী আৰু বৰ্তমানৰ বিধায়ক সকলৰ মাজত অসুবিধাৰ সন্মুখীন হোৱা বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে বিবেচনা কৰি আছে ।
মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত আলোচনা কৰি বিষয়তো সন্দৰ্ভত আগবাঢ়িব বুলি উল্লেখ কৰি তেওঁ কয় যে, সমষ্টি পুনৰনিৰ্ধাৰণ সম্পূৰ্ণ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল । অৱশ্যে অহা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ পুনৰনিৰ্ধাৰণ কৰাৰ কেন্দ্ৰীয় চৰকাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল বুলি তেওঁ কয় ।