গহপুৰ, 3 জুলাই : ৰাজ্যৰ কিছু প্ৰান্তত বান পৰিস্থিতি শাম কাটিছে যদিও এতিয়াই অধিকাংশ অঞ্চল বানৰ কবলত বুৰ গৈ আছে ৷ ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিতো বানপানীয়ে কাল ৰূপ ধাৰণ কৰে (Gohpur flood) ৷ যোৱা ২৮ জুন তাৰিখে গহপুৰ নগৰকে ধৰি গহপুৰ সমষ্টিত বহু অঞ্চল বানপানীয়ে প্লাবিত কৰে ৷ এই বাঢ়নী পানীত বহুতো লোকৰ ভেটি মাটি উছন হয় ৷
শনিবাৰে গহপুৰ সমষ্টিৰ বানাক্ৰান্তৰ কাষত উপস্থিত হয় সাংসদ পল্লৱ লোচন দাস (MP Pallab Lochan Das)৷ চত্ৰং নদীৰ ভগ্ন মাথাউৰি,হোলেঙী নদীৰ মাথাউৰি,ব্ৰহ্মাজান দানীগাঁৱ অঞ্চলৰ দাঁতিকাষৰীয়া নদীৰ মাথাউৰি,ব্ৰহ্মাজান বাগান অঞ্চলৰ মাথাউৰি আৰু থান ভোলাগুৰি সংযোগী পথৰ কালভাৰ্ট পৰ্যায়ক্ৰমে পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় সাংসদগৰাকীয়ে (MP Pallab Lochan Das visited Gohpur flood area) ৷
সাংসদগৰাকীয়ে বানাক্ৰান্তকসকলৰ পৰিস্থিতি দেখি কয় যে এই ঘটনা অতি দুৰ্ভাগ্যজনক ৷ বানাক্ৰান্তসকলৰ অভিযোগসমূহ মই জলসম্পদ বিভাগৰ মন্ত্ৰীৰ লগত এই বিষয়ে পৰ্যালোচনা কৰিম৷ নদীখনৰ ওপৰত পকী মথাউৰি সম্পূৰ্ণ কৰাৰ কাম শেষ কৰিম ৷ বানাক্ৰান্তসকলক সকলো সাহাৰ্য প্ৰদান কৰা হ'ব ৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জিলাসমূহৰ উপায়ুক্তসকলক বানত ক্ষয়-ক্ষতিৰ সন্দৰ্ভত ৰিপৰ্ট তৈয়াৰ কৰিব দিছে ৷
বানে জুৰুলা কৰা অঞ্চলটোৰ এই দুৰ্দশাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হ'ব বুলি উল্লেখ কৰে পল্লৱ লোচন দাসে ৷ এই পৰিদৰ্শনৰ কালছোৱাত বিধায়ক উৎপল বৰাসহ (MLA Utpal Borah) গহপুৰ মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মন আৰু জল সম্পদ বিভাগৰ বিষয়া অভিযন্তাও উপস্থিত থাকে ৷
লগতে পঢ়ক : বানেধোৱা বিশ্বনাথ: বাঢ়নী পানীত উটি গ’ল ঘৰ-দুৱাৰ, কিতাপ-পত্ৰ