ETV Bharat / state

padma awards 2021: পৰ্বতাৰোহী অনচু জেমছেনপাই ধন্যবাদ জনালে ভাৰত চৰকাৰক - পদ্মশ্ৰী সন্মান

পদ্মশ্ৰী সন্মান গ্ৰহণ কৰাৰ পাচতে ভাৰত চৰকাৰ ধন্যবাদ জনালে পৰ্বতাৰোহী অনচু জেমছেনপাই ৷ অনুভৱ প্ৰকাশ কৰি তেওঁ কয়, বহু কষ্ট আৰু সংগ্ৰামৰ মাজৰে আজি এই স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷

padma awards 2021
পৰ্বতাৰোহী অনচু জেমছেনপাই ধন্যবাদ জনালে ভাৰত চৰকাৰক
author img

By

Published : Nov 12, 2021, 5:56 PM IST

তেজপুৰ, ১২ নৱেম্বৰ: দুবাৰকৈ এভাৰেষ্ট শৃংগ জয়ী বিশ্বৰ প্ৰথম মহিলাৰ খিতাপ দখল কৰা অনচু জেমছেনপাক প্ৰদান কৰা হ'ল দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী। এই সন্মান গ্ৰহণ কৰাৰ পাচতে অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী অনচু জেমছেনপাই ধন্যবাদ জনালে ভাৰত চৰকাৰক ৷

অৰুণাচল প্ৰদেশৰ একমাত্ৰ মহিলা অনচু জেমছেনপাৰ লগতে সত্যনাৰায়ণ মুন্দয়ৰ আৰু য়েছে দৰজি ঠংচিকো প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান ৷ সামাজিক সেৱা আৰু সাহিত্য জগতত উল্লেখ্যনীয় অৱদানৰ বাবে মুন্দয়ৰ আৰু য়েছে দৰজি ঠংচিক প্ৰদান কৰা হৈছে 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মান আৰু ক্ৰীড়া ক্ষেত্ৰৰ বাবে অনচু জেমছেনপাক প্ৰদান কৰা হৈছে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷

এই বঁটা গ্ৰহণ কৰি নতুন দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে মনৰ অনুভৱ প্ৰকাশ কৰে পৰ্বতাৰোহী জেমছেনপাই ৷ তেওঁ কয়, বহু কষ্ট আৰু সংগ্ৰামৰ মাজৰে আজি এই স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷ ভাৰত চৰকাৰে মোক এই মহান সন্মানৰে বিভূষিত কৰাৰ বাবে মই অন্তৰৰে শলাগ লৈছোঁ ।

পৰ্বতাৰোহী অনচু জেমছেনপাই ধন্যবাদ জনালে ভাৰত চৰকাৰক

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

ইফালে, ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত জেমছেনপাই কয়, পৰ্বত আৰোহণৰ ক্ষেত্ৰত নতুন প্ৰজন্মক উৎসাহিত কৰিব পৰাকৈ চৰকাৰে আঁচনি গ্ৰহণ কৰা তথা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ বৰ্তমান অৰুণাচল প্ৰদেশৰ ডিৰাঙত পৰ্বত আৰোহণৰ বিশেষ প্ৰশিক্ষণ লোৱাৰ এখন চৰকাৰী মহাবিদ্যালয় আছে ৷ এই মহাবিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰ্বত আৰোহী সকলক অনুপ্ৰাণিত কৰিছে ৷

দুটি সন্তানৰ মাতৃ পশ্চিম অৰুণাচল প্ৰদেশৰ বমদিলাৰ বাসিন্দা জেমছেনপাই কেৱল পৰ্বত আৰোহণ কৰাই নহয় দুখনকৈ চুটি ছবিতো অভিনয় কৰি ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ Crosding Bridge ত অভিনয় কৰি ৰাষ্ট্ৰীয় ফ্লিম এৱাৰ্ড লাভ কৰিছিল আৰু Anshu:Everest Calling ৰ ছবিত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.