ETV Bharat / state

তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ - তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

শুকুৰবাৰে দুপৰীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত সতীৰ্থ কৰ্মীসকলৰ লগত উপস্থিত হৈ তেজপুৰত অগপৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ।

তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

author img

By

Published : Mar 12, 2021, 3:21 PM IST

Updated : Mar 12, 2021, 7:58 PM IST

তেজপুৰ, ১২ মাৰ্চ: তেজপুৰত অগপৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে শুকুৰবাৰে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ ৷ শুকুৰবাৰে দুপৰীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত সতীৰ্থ কৰ্মীসকলৰ লগত উপস্থিত হৈ নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে গোস্বামীয়ে ৷

তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

উল্লেখ্য যে, বৃন্দাবন গোস্বামীয়ে দলৰ পৰা এইবাৰ টিকট বঞ্চিত হোৱাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অগপৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছিল ।

বৃন্দাবন গোস্বামীৰ অভিযোগ, অগপৰ নেতৃত্বই প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত নিয়ম ভংগ কৰিছে ৷ দুদিন পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সভাত মন্তব্য কৰিছিল যে, বিজেপিৰ অনুৰোধতহে অগপই তেজপুৰত পৃথ্বীৰাজ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ গতিকে বিজেপি অগপ সকলোৱেই তেওঁক সহায় কৰিব লাগে ৷ সাংসদ নিৰ্বাচনৰ সময়ত বৃন্দাবন গোস্বামীয়ে অগপ বিজেপিৰ মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বিষয়টোতো বৃন্দাবন গোস্বামীয়ে মন্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে, অগপৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক নিৰ্বাচনত সহায় কৰিবনে নকৰে সেয়া স্পষ্টকৈ নকলে বৃন্দাবন গোস্বামীয়ে ৷ এয়া দলীয় কৰ্মীৰ সিদ্ধান্ত বুলিহে উল্লেখ কৰে অগপৰ জ্যেষ্ঠ বিধায়কজনে ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দলীয় সতীৰ্থৰ হেঁচা বুলি উল্লেখ কৰে বৃন্দাবন গোস্বামীয়ে ৷

লগতে পঢ়ক: জনতাৰ কণ্ঠ: ডিফু সমষ্টিৰ উন্নয়নৰ খাতিয়ান

Last Updated : Mar 12, 2021, 7:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.