ETV Bharat / state

Kidnapping in Rangapara : ৰঙাপৰাৰ সন্ধানহীন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী অৰুণাচলত উদ্ধাৰ

ৰঙাপৰাৰ পৰা সন্ধানহীন হোৱা এগৰাকী ছাত্ৰীক বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গাঁওখনৰ নোমল বসুমতাৰী নামৰ এজন ব্যক্তিয়ে ছাত্ৰী গৰাকীক ঘৰৰ পৰা ফুচুলাই লৈ গৈছিল ৷

Etv BharaMissing Girl From Rangapara Foundt
ৰঙাপৰাৰ পৰা সন্ধানহীন হোৱা এগৰাকী ছাত্ৰী অৰুণাচলত উদ্ধাৰ
author img

By

Published : Aug 17, 2023, 6:17 PM IST

সন্ধানহীন ছাত্ৰী অৰুণাচলত উদ্ধাৰ

ৰঙাপৰা, 17 আগষ্ট : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পৰা সন্ধানহীন হোৱা এগৰাকী ছাত্ৰীক বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় ৷ ৰঙাপৰাৰ ২ নং নাহৰনি গ্ৰান্টৰ গাঁৱৰ তথা ১ নং নাহৰনি গ্ৰান্ট এল পি স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী গৰাকী ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছত লালন-পালন কৰা খুৰাক-খুৰীয়েকৰ লগতে গাঁৱৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলায় ৷

অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দাপৰিজ’ৰ পৰা ছাত্ৰীগৰাকীক তৎকালীনভাৱে উদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰাত ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী তিলক চন্দ্ৰ তেৰং আৰু উপ পৰিদৰ্শক কৌশিক চেতিয়াক ৰাইজে ধন্যবাদ জনায় ৷ প্ৰথমতে গাঁওখনৰ নোমল বসুমতাৰী নামৰ এজন ব্যক্তিয়ে ছাত্ৰী গৰাকীক ঘৰৰ পৰা ফুচুলাই লৈ গৈছিল ৷ উল্লেখ্য যে যোৱা ৫ আগষ্টত ১ নং নাহৰনি গ্ৰান্ট এল পি স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী গৰাকী সন্ধানহীন হৈছিল আৰু যোৱা ১৩ আগষ্টত ছাত্ৰী গৰাকীক একেখন গাঁৱৰে তিনিজন ব্যক্তিয়ে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিক্ৰী কৰাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷

ৰঙাপৰাৰ নাহৰণি গ্ৰাণ্টৰ চুনুগুৰিত, জীৱিত বৰগয়াৰী আৰু নোমল বসুমতাৰীয়ে অৰুণাচল প্ৰদেশত ১ লাখ ৮০ হাজাৰ টকাত ছাত্ৰী গৰাকীক বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইফালে তিনি অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙাপৰাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ দাপৰিজ’ আৰক্ষীৰ সহযোগত অভিযান চলাই অৱশেষত প্ৰায় ১১ দিনৰ মূৰত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় ৷ এটি অবুজ শিশুক ফুচুলাই নি এখন পাহাৰীয়া ৰাজ্যত অতি গোপনে বিক্ৰী কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ইফালে এই ঘটনাৰে জড়িত তিনিজন অভিযুক্তক উচিত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে ৷

লগতে পঢ়ক : Kidnapping in North Guwahati: দিন দুপৰতে উত্তৰ গুৱাহাটীত অপহৰণকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.