ETV Bharat / state

Minister Nitin Gadkari : সেতু বন্ধন আঁচনিত অন্তৰ্ভুক্ত অৰুণাচল - Minister of Road Transport and Highways of India

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰীৰ বৃহৎ ঘোষণা ৷ ‘‘সেতু বন্ধন আঁচনি’’ৰ অধীনত অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব 7 খনকৈ দলং ৷

Minister Nitin Gadkari
সেতু বন্ধনেৰে বান্ধিব অৰুণাচলক
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 6:32 PM IST

তেজপুৰ, 12 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ ‘‘সেতু বন্ধন আঁচনি’’ৰ অধীনত অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব 7 খনকৈ দলং ৷ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ 2023-24 বিত্তীয় বৰ্ষত 118.50 কোটি টকা ব্যয়েৰে 7 খন দলং নিৰ্মাণৰ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে ৷

উল্লেখ্য যে, বাৰিষাৰ সময়ত পাহাৰীয়া ৰাজ্যখনৰ কেইবাখনো দলঙৰ বিস্তৰ ক্ষতিসাধন হৈছিল । ফলত ৰাইজৰ যাতায়তৰ লগতে সৈন্য সঞ্চালনৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা অনুমোদন লাভ কৰা দলঙসমূহ এনে ধৰণৰ :

1. লাচাঙত পাচা নদীৰ ওপৰত আৰ চি চি দলং ৷ পূব কামেং জিলাৰ লাইমোয়া পৰা নেৰেৱা আৰু ছ’ৰ’ৱা গাঁও সংযোগ পথত নিৰ্মাণ কৰিব দলঙখন ।

2. গোৱাঙৰ পৰা ডোনিগাঁও সংযোগী গোৱাঙত পাচা নদীৰ ওপৰত আৰ চি চি দলং ৷ পূব কামেং জিলাৰ ডোনিগাঁৱলৈ যোৱা পথত নিৰ্মাণ কৰা হ’ব ।

3. 313 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হ’ব 3 খন দলং ৷ ৰয়িং-আনিনি পথৰ মাজত, নামনি ডিবাং জিলাৰ এন এইচ পি চি কলনী হৈ নিউ চিডু গাঁও সংযোগী পথত দলং নিৰ্মাণ হ’ব ৷

4. পশ্চিম কামেং জিলাৰ ডিৰাঙৰ খাৰছাত আৰ চি চি ডেকিং থকা ডাবল লেন ষ্টীল কম্পোজিট দলঙৰ অনুমোদন জনোৱা হৈছে ৷

5. ল’ৱাৰ ছিয়াং জিলাৰ কয়ু-গয়ে পথৰ টাবিৰিপো ছাকু গাঁও সংযোগী পথত থকা ছিগেন নদীৰ সিপাৰে থকা পিকটে পইণ্টত নিৰ্মাণ হ’ব আৰ চি চি দলং ।

6. পূব ছিয়াং জিলাৰ মেবো-ঢোল্লা পথৰ গোপক নদীৰ ওপৰত এখন আৰ চি চি দলং।

7. নামনি সোৱণশিৰি জিলাৰ ইয়াজলি কৃষি পামৰ সমীপৰ চুল্লিউ আৰু কেবি গাঁও সংযোগ পথত থকা পাননৈ নদীৰ ওপৰত দলং নিৰ্মাণ হ’ব ।

আনহাতে মন্ত্ৰী গাডকাৰীয়ে কয় যে, দূৰ্গম অঞ্চলসমূহৰ মাজত সংযোগ বৃদ্ধি কৰা, অৰ্থনৈতিক উন্নয়নক অধিক গুৰুত্ব প্ৰদান কৰা, সামগ্ৰিক জীৱনৰ ধাৰণৰ মান উন্নত কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক বৃদ্ধিৰ বাবে লোৱা হৈছে এই পদক্ষেপে ৷

লগতে পঢ়ক:Students arrested for fishing : বৰশীয়ে বিপদ হ’ল তেজপুৰৰ তিনি স্কুলীয়া ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.