ETV Bharat / state

তেজপুৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ

বুধবাৰে শোণিতপুৰ জিলাতো প্ৰদান কৰা হ’ল 2022 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা (Anundoram Borooah Award 2022)৷ তেজপুৰৰ বান থিয়েটাৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে ৷ উক্ত অনুষ্ঠানত ৬৯৫ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হয় বঁটাৰ ধন ৷

Anundoram Borooah Award 2022
তেজপুৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহেনৰ
author img

By

Published : Sep 7, 2022, 10:49 PM IST

তেজপুৰ, ৭ ছেপ্টেম্বৰ: ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে শোণিতপুৰ জিলাতো বুধবাৰে প্ৰদান কৰা হ’ল আনন্দৰাম বৰুৱা বঁটা (Anundoram Borooah Award 2022)৷ 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত নুন্যতম 75 শতাংশ নম্বৰ লাভ কৰা শোণিতপুৰ জিলাৰ অন্তৰ্গত শিক্ষাৰ্থীসকলক এই বঁটা প্ৰদান কৰা হয় বান থিয়েটাৰত ৷

বান থিয়েটাৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন (Minister Jogen Mohan in Tezpur)৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৬৯৫ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে (Anundoram Borooah Award distributed in Tezpur)। ইয়াৰে ৪২৬ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে ২৬৯ গৰাকীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰিছে ।

শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিবিটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ নিজ নিজ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰে ১৬ হাজাৰকৈ টকা । অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী যোগেন মহনে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক জীৱনত উৎকৃষ্টতাৰ আকাংক্ষা কৰাৰ লগতে অনন্দৰাম বৰুৱাৰ জীৱনৰ পৰা প্ৰেৰণা ল’বলৈ আহ্বান জনায় ।

উল্লেখ্য যে, বান থিয়েটাৰত(Baan Theatre Tezpur) অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটোৰ উদ্বোধনী ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (Sonitpur district DC)। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভায়ো ভাষণ প্ৰদান কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানটোও বান থিয়েটাৰত উপস্থিত লোকসকলৰ বাবে পোনপটীয়াকৈ দেখুওৱাৰ ব্যৱস্থা কৰা হয় ৷

বুধবাৰৰ কাৰ্যসূচীত তেজপুৰ পৌৰ ব’ৰ্ডৰ অধ্যক্ষ প্ৰজ্ঞানু ভট্টাচাৰ্য, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ উপাধ্যক্ষ তুলশী বৰঠাকুৰ, সমাজকৰ্মী বাতাশ ওৰাঙৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক: গোলাঘাটত স্বৰ্ণকণ্যা নয়নমণি শইকীয়াক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.