ETV Bharat / state

ৰঙাপৰাৰ ভাৰতীয় সেনাৰ শিৱিৰত মিনি মাৰাথন - ভাৰতীয় সেনাৰ শিৱিৰত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

ভাৰতীয় সেনাৰ এক আদৰণীয় পদক্ষেপ । আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰঙাপৰাৰ ঠাকুৰবাৰী ভাৰতীয় সেনা শিৱিৰত মিনি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (Indian Army organized Mini Marathon at Rangapara)। স্থান প্ৰাপ্তসকলক কামাণ্ডিং বিষয়া কৰ্ণেল আৰ্শীষ সিং মেহেতাই বঁটা প্ৰদান কৰে ।

Mini Marathon
ৰঙাপৰাৰ ভাৰতীয় সেনাৰ শিৱিৰত মিনি মাৰাথন
author img

By

Published : May 1, 2022, 6:32 PM IST

ৰঙাপৰা,১ মে' : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ঠাকুৰবাৰী ভাৰতীয় সেনা শিৱিৰত দেওবাৰে এক মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় (Mini Marathon Competition at Rangapara)। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৬ নং জাট ৰেজিমেণ্টে ১০ কিলোমিটাৰ দূৰত্বৰ এই মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে (Indian Army organized Mini Marathon at Rangapara)। মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ১৬ নং জাট ৰেজিমেণ্টৰ কামাণ্ডিং বিষয়া কৰ্ণেল আৰ্শীষ সিং মেহতাই ।

ৰঙাপৰাৰ ভাৰতীয় সেনাৰ শিৱিৰত মিনি মাৰাথন

প্ৰতিযোগিতাত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫ গৰাকী, বৰজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩৫ গৰাকী, কদমতল হাইস্কুলৰ ২০ গৰাকী, ৰঙাপৰা মহাবিদ্যালয়ৰ ২০ গৰাকী আৰু শ্ৰীমতী চন্দ্ৰপ্ৰভা স্মৃতি হিন্দী বিদ্যালয়ৰ ১৫ গৰাকীকৈ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতাত কিষান মুণ্ডাই প্ৰথম স্থান লাভ কৰাৰ সমান্তৰালকৈ জীৱন কাথিয়ে দ্বিতীয় আৰু আকাশ মুণ্ডাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

স্থান প্ৰাপ্তসকলক কামাণ্ডিং বিষয়া কৰ্ণেল আৰ্শীষ সিং মেহেতাই বঁটা প্ৰদান কৰে । বিষয়াগৰাকীয়ে প্ৰতিযোগীসকলক উদ্দেশ্যি কয় যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আগন্তুক দিনটো বিভিন্ন কাৰ্যসূচীৰ লগতে কৃষ্টি, চিত্ৰাংকণ, মাৰাথন দৌৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু উক্ত প্ৰতিযোগিতাৰ বাবে ছাত্র-ছাত্ৰীসকলক প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :কটনৰ বাকৰিত প্ৰথমবাৰলৈ মুকলি বিহু

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.