ETV Bharat / state

Manipur violence: মণিপুৰৰ পাহাৰীয়া গাঁৱত কুকি উগ্ৰপন্থীয়ে সাধাৰণ ৰাইজক দিছে অস্ত্ৰ প্ৰশিক্ষণ; কেইশাম মেঘাচন্দ্ৰ

author img

By

Published : Jul 26, 2023, 4:55 PM IST

ম্যানমাৰৰ কুকি উগ্ৰপন্থী গোটে মণিপুৰত প্ৰদান কৰিছে অস্ত্ৰ প্ৰশিক্ষণ ৷ এই চাঞ্চল্যকৰ দাবী মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙৰ ৷ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে মণিপুৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

Manipur violence
Manipur violence
মণিপুৰৰ পাহাৰীয়া গাঁৱত কুকি উগ্ৰপন্থীয়ে সাধাৰণ ৰাইজক দিছে অস্ত্ৰ প্ৰশিক্ষণ

তেজপুৰ, ২৬ জুলাই: মণিপুৰত পাহাৰীয়া সীমান্তৱৰ্তী গাঁৱত উগ্ৰপন্থীৰ শিবিৰ সক্ৰিয় হোৱাৰ বাতৰিয়ে সম্প্ৰতি মুকলিকৈ চর্চা লভিছে । পাহাৰীয়া অঞ্চলত গাঁৱবাসীৰ হাতত উদ্যত মাৰণাস্ত্ৰ লৈ প্ৰক্ষিণ গ্ৰহণ কৰিছে কুকি বসতি প্ৰধান অঞ্চলত । এই চাঞ্চল্যকৰ দাবী কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে ।

ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোন বাৰ্তাত তেওঁ কয় যে ইতিমধ্যে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকী আৰু মণিপুৰৰ কেবিনেট উপ কমিটিয়ে এই বিষয়ে নিশ্চিত কৰিছে ।

সিঙে কয় যে ৰাজ্যপাল অনুছুইয়া উইকী আৰু কেবিনেট উপ কমিটিয়ে ম্যানমাৰৰ পৰা প্ৰব্ৰজিত কুকি উগ্ৰপন্থী গোটে পাহাৰীয়া গাঁওত প্ৰৱেশ কৰি বিশেষকৈ চুৰাচান্দপুৰ ,চাণ্ডাল জিলাত আশ্ৰয় গ্ৰহণ কৰাৰ তথ্য সদৰী কৰিছে । তথ্য অনুসৰি মণিপুৰৰ সকলো শ্ৰেণীৰ লোকৰ হাতত এতিয়া মাৰণাস্ত্ৰ উপলব্ধ । গাঁও অঞ্চলত বিশেষ প্ৰশিক্ষকৰ দ্বাৰা অস্ত্ৰ শস্ত্ৰৰ প্ৰক্ষিণ চলে উগ্ৰপন্থীৰ ।

বাংকাৰ, সুৰংগ স্থাপন কৰি প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বিষয়ে স্পষ্টকৈ জনায় কেইশাম মেঘাচন্দ্ৰ সিঙে । তেওঁ কয়, ‘‘এইবাৰ হিংসাত্মক কাৰ্যত তেওঁলোকে পৰ্যৱেক্ষণ কৰিছে যে সাধাৰণ লোকক উগ্ৰপন্থীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ মহিলা, যুৱক-যুৱতীয়ে হাতত উদ্যত মাৰণাস্ত্ৰ লৈ সীমান্তৱৰ্তী অঞ্চলত হিংসাত্মক কাৰ্য সংঘটিত কৰিছে ।’’

তেওঁ উল্লেখ কৰে যে যোৱা ২০০৫-২০০৮ চনত কংগ্ৰেছ শাসনৰ সময়ত এই গোটসমূহৰ মাজত এক ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিল যে এই উগ্ৰপন্থী গোটসমূহে চুক্তিমতে গ্ৰাউণ্ডৰোল ভংগ কৰিব নোৱাৰিব আৰু সেইমতে তেওঁলোকে মানি চলিছিল, কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ শাসনৰ সময়ত এই গ্ৰাউণ্ডৰোল ভংগ হয় আৰু উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পায় । উল্লেখযোগ্য যে মণিপুৰত সেই গ্ৰাউণ্ড ৰোলৰ SoO মতে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযান নচলিব । তেওঁ কয় যে AFSPA প্ৰৱৰ্তনৰ সময়ত ভেলী অঞ্চলত উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্য প্ৰচলিত আছিল ৷ কিন্তু পাহাৰীয়া সীমান্তৱৰ্তী অঞ্চলত কোনো ঘটনা হোৱা নাছিল ৷ কিন্তু বৰ্তমানৰ হিংসাত্মক কাৰ্য এই AFSPA ৰ লগত কোনো সম্পৰ্ক নাই বুলি তেওঁ কয় ।

কেইশাম মেঘাচন্দ্ৰ সিঙে অভিযোগ উত্থাপন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিৰ দুৰ্বলতাৰ বাবে মণিপুৰত এই অবৈধ বিদেশী প্ৰব্ৰজন সংঘটিত হৈছে ৷ ম্যানমাৰৰ ‘জুণ্টা’ (Junta) চৰকাৰে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ বাবে সীমান্তৱৰ্তী অঞ্চলৰ পাহাৰীয়া কুকি প্ৰধান ঠাইত অবাধ অনুপ্ৰৱেশ হৈছে ।

আনহাতে তেওঁ স্বীকাৰ কৰে যে ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত এতিয়া গাঁও অঞ্চলত উগ্ৰপন্থীৰ প্ৰশিক্ষণ চলি থাকে । ফলস্বৰূপে অবাধ হিংসা আৰু নাৰকীয় ঘটনা সংঘটিত হৈছে । সিঙে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি এটা সপ্তাহৰ ভিতৰত এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে ।

আনহাতে মণিপুৰত বৰ্তমানেও হিংসাত্মক ঘটনা সংঘটিত হৈ আছে৷ বুধবাৰে কাংপকপি জিলাত স্পেচিয়েল প্ৰত্যেকচনৰ বাহন কুকি লোকে জ্বলাই দিয়ে কাৰণ সেই বাহন দুখন মিটেই লোকৰ আছিল । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গুলীচালনাও সংঘটিত হৈ আছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক: Threat to Meitei community: কাছাৰত মিজোৰাম এৰি অহা মণিপুৰী শৰণাৰ্থীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.