ETV Bharat / state

Mid day meal scam: বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত বিস্কুট খুৱাই ৰাম ঠগন ছাত্ৰ-ছাত্ৰীক - মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম

বিহগুৰি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে (Mid Day meal scam at Bihoguri primary school)৷ মধ্যাহ্ন ভোজনৰ নামত বিস্কুট খুৱাই ৰাম ঠগন ছাত্ৰ-ছাত্ৰীক ৷

Mid Day meal scam at Bihoguri primary school
Mid day meal scam: বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত বিস্কুট খুৱাই ৰাম ঠগন ছাত্ৰ-ছাত্ৰীক
author img

By

Published : Nov 3, 2022, 10:07 PM IST

তেজপুৰ, 3 নৱেম্বৰ: "আমাক শনিবাৰে শনিবাৰে বিস্কুট খুৱায় ৷" শ্ৰেণীকোঠাত বহি Etv Bharat অসমৰ সাংবাদিকৰ প্ৰশ্নত ছাত্ৰ-ছাত্ৰীৰ সমজুৱা উত্তৰ ৷ পিছে এইয়া কোনো শ্ৰেণীকোঠাৰ পাঠদানৰ অংশ নহয় ৷ এইয়া তেজপুৰস্থিত বিহগুৰি প্ৰাথমিক বিদ্যালয়ৰ গুপ্ত অধ্যায়ৰ এক অংশহে ৷ অৰ্থাৎ আমি ক’বলৈ ওলাইছো ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ত কেনেদৰে মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক ৰাম ঠগন দিছে একাংশ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে (Mid Day meal scam in Tezpur)৷

1975 চনত স্থাপিত বিহগুৰি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে (Mid Day meal scam at Bihoguri primary school)৷ বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰী 6 গৰাকী, লগতে ছাত্ৰ-ছাত্ৰী আছে 85 গৰাকী ৷ চৰকাৰী নিৰ্দেশমৰ্মে বিদ্যালয়খনৰ শিক্ষাৰ্থীক খাদ্যৰ তালিকা অনুসৰি মধ্যাহ্ন ভোজন খুৱাব লাগে ৷ কিন্তু বিভিন্ন উজুহাতত বিগত কেবাটাও শনিবাৰে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত বিস্কুট খুৱাই অহা অভিযোগ উত্থাপন কৰে খোদ ছাত্ৰ-ছাত্ৰীয়ে ৷

ইফালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষাৰ্থীৰ অভিযোগ একেমুখে নস্যাৎ কৰি কয়,"আজি কণী বেয়া ওলোৱাৰ কাৰণে ছাত্ৰ-ছাত্ৰীখিনিক কণী খুওৱা নহ’ল ৷ আমি শনিবাৰে শনিবাৰে বিস্কুট নুখুৱাও ৷ ল’ৰা-ছোৱালীৰ কথা নুশুনিবই ৷ আমাক এইবোৰ সুধি লাভ নাই ৷ ৰান্ধনী নহ’লে আমি বিস্কুট খুৱাইছিলো ৷ আমাৰ সদায় সুবিধা নাথাকে নহয় ৷ সুবিধা হ’লে আমি খুৱাওটো ৷ তোমালোকে এইবোৰ নুসুধিবাও ৷ আমি মিলাব নোৱাৰো নহয় ৷"

Mid day meal scam: বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত বিস্কুট খুৱাই ৰাম ঠগন ছাত্ৰ-ছাত্ৰীক

লগতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলক খুৱাবলৈ কণী নিৰ্দিষ্ট দোকানৰ পৰিৱৰ্তে যিখনত ভাল কণী উপলব্ধ হয় তাৰ পৰাই কণী অনা হয় ৷ আজি এজন ছাত্ৰৰ জ্বৰ হোৱাৰ বাবে বিস্কুট খোৱা বুলি সদৰী কৰে ৷

উল্লেখ্য যে কেৱল তেজপুৰতেই নহয় বিভিন্ন সময়ত চৰকাৰৰ নিৰ্দেশনাকো ভেঙুচালি কৰি একাংশ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত অখাদ্য খাদ্য খুওৱাৰ খবৰ প্ৰকাশিত হৈ আহিছে ৷ আনকি একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসহ বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ নামত অহা চাউল, দাইলকে বিভিন্ন খাদ্য সামগ্ৰী হৰলুকি কৰাৰ ঘটনা যেন সহজলভ্য ৷

লগতে পঢ়ক: Firing at Imran Khan Rally : আততায়ীৰ গুলীত আহত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমাৰণ খান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.