ETV Bharat / state

নিৰ্বাচনী সভাত ভানুৰ আৱেগিক ভাষণ

author img

By

Published : Apr 2, 2019, 11:10 PM IST

"মোৰ মা দেউতাই দিয়া নাম আৰু ভগৱানে দিয়া মোৰ চেহেৰাক তাচ্চিল্য কৰা সকলক পাপে চুব। মোৰ বিৰুদ্ধে যি সকলে কটু মন্তব্য কৰিছে সেইসকলে যদি নিজ মাতৃৰ ওচৰত মোক কৰা তুচ্চ তাচ্ছিল্যৰ কথা কয় তেন্তে নিজ মাতৃয়েই তেঁওলোকক চৰিয়াব ।"

নিৰ্বাচনী সভাত ভানুৰ আৱেগিক ভাষণ

চতিয়া, 2 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়ালৈ মাজত মাথো এটা সপ্তাহ বাকী থকা অৱস্থাত তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চতিয়া বিধান সভা সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোৰ অন্তৰ্গত কুসুমটোলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত পল্লৱলোচন দাসে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ সময়তে মঙলবাৰে চতিয়া সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ৷

নিৰ্বাচনী সভাত ভানুৰ আৱেগিক ভাষণ

জামুগুৰি ব্যৱসায় কেন্দ্ৰস্থলত মঙলবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে কংগ্ৰেছে সদায় দুখীয়া আৰু দৰিদ্ৰ জনসাধাৰণৰ হকে কাম কৰে বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কে বিজেপি দলক মহা সংকটত পেলোৱাৰ বিপৰীতে অসমত কংগ্ৰেছে বহু কেইখন আসন দখল কৰিব বুলি উল্লেখ কৰে ৷ কেৱল ইমানেই নহয়, বিজেপিক সমালোচনা কৰি তেওঁ আৰু কয় যে, "ভাৰততে জন্মগ্ৰহণ কৰি অসমত ৩৫ বছৰ ধৰি চাকৰি কৰাৰ পাছত সেৱাৰ মনোবৃত্তিৰে কংগ্ৰেছ দলত যোগদান কৰি সমাজ সেৱা কৰিবলৈ ওলোৱাৰ সময়ত মোক যি সকলে চালানী মাছ তথা বাহিৰৰ প্ৰাৰ্থী বুলি হৈ চৈ লগাইছে সেই সকলেই এতিয়া বিদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ উঠি পৰি লাগিছে ৷ মোৰ মা দেউতাই দিয়া নামআৰু চেহেৰাক লৈ যি সকলে মোক তুচ্চ তাচ্চিল্য কৰিছে সেইসকলক পাপে চুব ।"

মোৰ বিৰুদ্ধে যি সকলে কটু মন্তব্য কৰিছে সেইসকলে যদি নিজ মাতৃৰ ওচৰত মোক কৰা তুচ্চ তাচিল্যৰ কথা কয় তেন্তে নিজ মাতৃয়েই তেঁওলোকক চৰিয়াব বুলি মন্তব্য কৰি আৱেগিক হৈ পৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ৷মঙলবাৰে দিনটোতে কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে, নাগশংকৰৰ বটিৰোকা, চমাৰদলনী, উত্তৰ চতিয়াৰ বালিজুৰি, মঙলবৰীয়া, জয়সিদ্ধি, নগদা, চাৰিদুৱাৰৰ চেঙেলীমৰা, মাইনাউশ্ৰী, জামুগুৰিহাটৰ ব্যৱসায় কেন্দ্ৰস্থলত নিৰ্বাচনী সভাত উপস্থিত থাকি তেঁওৰ বিজয় ১০০ শতাংশই নিশ্চিত বুলি দাবী কৰাৰ লগতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ওফৰাই ৰাহুল গান্ধী হ'ব বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, মঙলবাৰে দিনযোৰা কাৰ্য্যসূচীৰে চলোৱা প্ৰচাৰ অভিযানৰ সময়ত ভানুক সংগ দিয়ে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ শান্তিয়ুজ কুজুৰ, বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ টংক বাহাদুৰ ৰায়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীকে ধৰি কংগ্ৰেছৰ বহু জেষ্ঠ নেতাই ৷

Intro:তেজপুৰ লোক সভা সমষ্টিত নিৰ্বাচনী কুচ কাৱাজ, ভানু বনাম পল্লৱৰ মহাৰণ ৷জামুগুৰিহাট, চতিয়াত কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৰ নিৰ্বাচনী প্ৰচাৰ ৷Body:জামুগুৰিহাট, চতিয়াত কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৰ নিৰ্বাচনী প্ৰচাৰ

মোৰ মা দেউতাই দিয়া নাম আৰু ভগৱানে দিয়া মোৰ চেহেৰাক তাচ্চিল্য কৰা সকলক পাপে চুব

চতিয়: লোক সভা নিৰ্বাচনলৈ হাতত মাথো ৮ টা দিন বাকী থকা অৱস্থাত তেজপুৰ লোক সভা সমষ্টিৰ অন্তৰ্গত চতিয়া বিধান সভা সমষ্টিতো নিৰ্বাচনী বতাহ তীব্ৰতৰ হৈ উঠিছে৷ সমষ্টিটোৰ অন্তৰ্গত কুসুমটোলাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ সময়তে চতিয়া সমষ্টিৰ বিভিন্ন স্থানত আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে এম জি ভি কে ভানুৱে৷ জামুগুৰি ব্যৱসায় কেন্দ্ৰস্থলত আজি সন্ধিয়া ৫ বজাত অনুষ্ঠিত হোৱা এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে কংগ্ৰেছে সদায় দুখীয়া আৰু দৰিদ্ৰ জনসাধাৰণৰ হকে কাম কৰে বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কে বিজেপি দলক মহা সংকটত পেলাই অসমত কংগ্ৰেছে বহু কেইখন আসন দখল কৰিব বুলি উল্লেখ কৰে৷ ভাৰততে জন্মগ্ৰহণ কৰি অসমত ৩৫ বছৰ ধৰি চাকৰি কৰাৰ পাছত সেৱাৰ মনোবৃত্তিৰে কংগ্ৰেছ দলত যোগদান কৰি সমাজ সেৱা কৰিবলৈ ওলোৱাৰ সময়ত মোক যি সকলে চালানী মাছ তথা বাহিৰৰ প্ৰাৰ্থী বুলি হৈ চৈ লগাইছে সেই সকলেই এতিয়া বিদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমক বিদেশীৰ চৰনীয়া পথাৰ কৰিবলৈ উঠি পৰি লাগিছে৷ মোৰ মা দেউতাই দিয়া নামটো আৰু চেহেৰাটোক লৈ যি সকলে মোক তুচ্চ তাচ্চিল্য কৰিছে সেইসকলক পাপে চুব বুলি উল্লেখ কৰে৷ ইয়াৰোপৰি মোৰ বিৰুদ্ধে যি সকলে কটু মন্তব্য কৰিছে সেইসকলে যদি নিজ মাতৃৰ ওচৰত মোক কৰা তুচ্চ তাচিল্যৰ কথা কয় তেন্তে নিজ মাতৃয়েই তেঁওলোকক চৰিয়াব বুলি আৱেগীক ভাষণ আগবঢ়াই৷ নাগশংকৰৰ বটিৰোকা, চমাৰদলনী, উত্তৰ চতিয়াৰ বালিজুৰি, মঙ্গলবৰীয়া, জয়সিদ্ধি, নগদা, চাৰিদুৱাৰৰ চেঙেলীমৰা, মাইনাউশ্ৰী, জামুগুৰিহাটৰ ব্যৱসায় কেন্দ্ৰস্থলত নিৰ্বাচনী সভাত উপস্থিত থাকি তেঁওৰ বিজয় ১০০ শতাংশই নিশ্চিত বুলি দাবী কৰাৰ লগতে এইবাৰ প্ৰধান মন্ত্ৰীৰ পদত নৰেন্দ্ৰ মোদীক ওফৰাই ৰাহুল গান্ধী হব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে, তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাৰ্থী ভানুৱে চতিয়া সমষ্টিত আজি দিনযোৰা কাৰ্য্যসূচীৰে চলোৱা প্ৰচাৰ অভিযানৰ সময়ত তেওক সংগ দিয়ে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ শান্তিয়ুজ কুজুৰ, বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ টংক বাহাদুৰ ৰায়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীকে ধৰি সংগ দিয়ে কংগ্ৰেছৰ বহু জেষ্ঠ নেতাই৷

Pransankar Bhuyan
ETV Bharat.Asom
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.