ETV Bharat / state

কপিল চিবালৰ বুৰঞ্জী সন্দৰ্ভত কোনো জ্ঞান নাই : মতিউৰ ৰহমান

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:24 PM IST

"কপিল চিবালৰ বুৰঞ্জী সন্দৰ্ভত কোনো জ্ঞান নাই ৷ ম্যানমাৰে অসম আক্ৰমণহে কৰিছিল ৷ এইটো এটা উদ্দেশ্য প্ৰণোদিত কথা" ৷ এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানৰ (Kapil Sibal Controversy)

Matiur Rahman reaction on Kapil Sibal Controversy
কপিল চিবালৰ বুৰঞ্জী সন্দৰ্ভত কোনো জ্ঞান নাই- মটিউৰ ৰহমান
কপিল চিবালৰ বুৰঞ্জী সন্দৰ্ভত কোনো জ্ঞান নাই- মতিউৰ ৰহমান

তেজপুৰ, ২২ ডিচেম্বৰ : "অতি লজ্জাজনক আৰু ধিক্কাৰজনক কথা যে কপিল চিবালে নিজৰ ভূল স্বীকাৰ কৰাৰ পৰিৱৰ্তে গুগলত ছাৰ্চ কৰি আৰু অসম চৰকাৰৰ ৱেবছাইটৰ তথ্য অনুসৰি অসম ম্যানমাৰৰ অংগ বুলি অভিহিত কৰিছিল ৷ ভাৰতৰ মহা অধিবক্তা তুষাৰ মেহতাই এইটো কথা ভূল বুলি কোৱাৰ পিচতো কপিল চিবালৰ দুঃসাহস যে তেওঁ নিজৰ ভূল কোনো কোনেপধ্যেই স্বীকাৰ নকৰিলে ৷ কপিল চিবালৰ বুৰঞ্জী সন্দৰ্ভত কোনো জ্ঞান নাই ৷ ম্যানমাৰে অসম আক্ৰমণহে কৰিছিল ৷ এইটো এটা উদ্দেশ্য প্ৰণোদিত কথা ৷" তেজপুৰত অসম সন্মিলিত মহাসংঘৰ সভাপতি মতিউৰ ৰহমানে এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে ৰহমানে কয় যে কপিল চিবাল এগৰাকী কংগ্ৰেছ দলৰ অধিবক্তা যদিও তেওঁ জামাত-ই-ইছলামী-ই-হিন্দৰ হৈ ওকালতি আৰু ইন্দিৰা জাইছোৱালে আমছুৰ হৈ ওকালতি কৰি এই ধৰণৰ গৰিহণা সূচক যি মন্তব্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰদান কৰিছে ৷ সেই লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছে ৷

উল্লেখ্য যে, অসম সন্মিলিত মহাসংঘই অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ 1951 হ'ব লাগে বুলি ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক গোচৰ দাখিল কৰিছিল । এই গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠত আৰম্ভ হৈছে । অসমৰ বাবে অতি স্পৰ্শকাতৰ অবৈধ বিদেশী নাগৰিকৰ বিষয়টোৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত জামাত-ই-ইছলামী-ই-হিন্দক প্ৰতিনিধিত্ব কৰে অধিবক্তা কপিল চিবালে । সেই সময়তে যোৱা 7 ডিচম্বৰত বুৰঞ্জী বিকৃত কৰি অসমক ম্যানমাৰৰ অংগ বুলি কৈছিল কপিল চিবালে ।

লগতে 1971 চনলৈকে অহা বিদেশীক অসমত ৰক্ষণাবেক্ষণৰ পক্ষত থিয় দিছিল । আনহাতে, একেটা গোচৰতে উচ্চতম ন্যায়ালয়ত 7 ডিচেম্বৰৰ দিনা আমছুৰ অধিবক্তা ইন্দিৰা জয় সিঙে আই এম ডি টি আইন বাতিল সন্দৰ্ভত এক আপত্তিজনক মন্তব্য কৰিছিল । তেওঁ কৈছিল যে উচ্চতম ন্যায়ালয়ে 2005 চনৰ 12 জুলাইত অসমলৈ অহা অবৈধ বিদেশীক নীৰৱ আগ্ৰাসনকাৰী আৰু আভ্যন্তৰীণ বিশৃংখলতা সৃষ্টিকাৰী লোক বুলি অভিহিত কৰি দিয়া ৰায় প্ৰত্যাহাৰ কৰি সেইসকল বিদেশীক ৰক্ষণাবেক্ষণ দি অসমত ৰখা উচিত ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে বহু অনুসন্ধানৰ অন্তত উচিতভাৱে অসমলৈ অহা অবৈধ বিদেশীবোৰক নীৰৱ অগ্ৰাসনকাৰী আখ্যা দিছিল ।

লগতে পঢ়ক: ইজৰাইল-হামাছৰ মাজত চলা যুদ্ধৰ অৱসান নিবিচাৰে নেকি আমেৰিকাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.