তেজপুৰ,২৮ মে': দেওবাৰ অৰ্থাৎ আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৪ দিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে (Eviction in Orang National Park)। বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ সৈতে শোণিতপুৰ জিলা প্ৰশাসনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৰ অঞ্চলত উচ্ছেদ আৰম্ভ কৰিছে ৷ চৰকাৰী সূত্ৰৰ মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২১ হাজাৰ বিঘা মাটিত উচ্ছেদ চলোৱা হ'ব । ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ ১১ হাজাৰ বিঘা ভূমি চৰ অঞ্চলত অন্তৰ্ভুক্ত আছে ।
উচ্ছেদ অভিযানৰ অংশস্বৰূপে দেওবাৰে পুৱা ৯ বজাৰ পৰা উচ্ছেদ আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানত সামগ্ৰিকভাৱে ৪ দিন চলিবলগীয়া এই উচ্ছেদৰ অংশ হিচাবে দুদিন শোণিতপুৰ আৰু দুদিন দৰং জিলাত চলিব ৷ মিশ্ৰই সদৰী কৰা অনুসৰি ইতিমধ্যে যিসমূহ লোকে সেই অঞ্চলবোৰত বসবাস কৰি আছিল তেওঁলোকে নিজেই এই ঠাই ত্যাগ কৰিছে আৰু প্ৰশাসনে সেই অঞ্চলবোৰ নিজৰ দখললৈ আনিছে ।

সমগ্ৰ চৰ অঞ্চলৰ বেদখলকৃত ভূমিত কোনো স্থায়ী ঘৰ নাই বুলিও তেওঁ উল্লেখ কৰে ৷ মুঠ ৭৯৭ টা পৰিয়ালক শোণিতপুৰৰ পৰা উচ্ছেদ কৰা হৈছে বুলি মিশ্ৰই জানিবলৈ দিয়ে ৷ উচ্ছেদৰ সময়ত এতিয়ালৈ কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই যদিও উচ্ছেদত নিয়োজিত এখন ট্ৰেক্টৰ ব্ৰহ্মপুত্ৰৰ বুকুত মেচিন নাওৰ পৰা বাগৰি পৰে বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে (Sonitpur DC on Orang eviction)।
ওৰাং ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ আৰু দৰং জিলাৰ মাজত মুঠ ৮৯ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত । বুঢ়াচাপৰি বা ওৰাং অভয়াৰণ্যত উচ্ছেদ কৰাৰ কাৰণ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুঢ়াচাপৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা জন্তুৰ কৰিডৰ । সেয়ে এই অঞ্চলসমূহ জীৱ-জন্তুৰ বাবে মুকলি কৰি দিয়া হ'ব । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু শোণিতপুৰৰ দক্ষিণ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰে বিভিন্ন স্থানলৈ প্ৰব্ৰজন কৰে ।

শোণিতপুৰৰ বৰচলা আৰু ঢেকীয়াজুলি অঞ্চলত জন্তুৰ প্ৰব্ৰজনৰ দৃশ্য প্ৰায়ে দেখা পোৱা যায় । ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুঠ ৮৯ বৰ্গ কিলোমিটাৰ এলেকাত আছে । ১৯৮৫ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা হোৱাৰ পাচত ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাবে স্বীকৃতি লাভ কৰা এই বনাঞ্চলখনত বৰ্তমান ২১ হাজাৰ ভূমি বেদখলকাৰীৰ কৱলত আছে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি পূৰ্বে কৈছিল যে বুঢ়াচাপৰি বা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ চলোৱাৰ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুঢ়াচাপৰি হৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ বন্য জীৱ-জন্তুৰ অহা যোৱা কৰা ঠাই । সেইবাবে এই ঠাইসমূহ জীৱ জন্তুৰ বাবে মুকলি কৰা হৈছে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ চলাচল শোণিতপুৰৰ দক্ষিণ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষেৰে বিভিন্ন অঞ্চললৈ হয় । বহু সময়ত শোণিতপুৰৰ বৰচলা, ঢেকীয়াজুলি অঞ্চলত গঁড়, হাতী, ঢেঁকীয়াপতীয়া আদিয়ে বিচৰণ কৰা দেখা যায় ।
লগতে পঢ়ক :AMSU protest: বাঘজান কাণ্ডৰ মূল অভিযুক্ত কোম্পানীয়েই পুনৰ ধেলাখাটত চলাইছে খনন