ETV Bharat / state

বিষাক্ত কাঠফুলা ভক্ষণ: এপ্ৰিললৈকে প্ৰাণ হেৰুৱালে বহুজনে - consuming poisonous mushrooms

বিষাক্ত কাঠফুলা সেৱন কৰাটো বেছিকৈ দেখিবলৈ পোৱা যায় অসমৰ চাহ বাগিচা সমূহত । চাহ বাগিচা অঞ্চলৰ লোকৰ মাজত থকা আৰ্থিক দৈন্যতা আৰু শিক্ষাৰ অভাবেই হৈছে বিষাক্ত কাঠফুলা সেৱনৰ অন্যতম কাৰণ (Wild mushrooms cause death in Assam tea garden) ৷ বিষাক্ত কাঠফুলা বেছিকৈ চাহ বাগিচাৰ একাষৰীয়া ঠাইত উৎপন্ন হয় আৰু পাঁচ-ছয় মাহলৈকে সজীৱ হৈ থাকে ।

বিষাক্ত কাঠফুলা ভক্ষণ: এপ্ৰিললৈকে প্ৰাণ হেৰুৱালে বহুজনে

author img

By

Published : May 18, 2022, 4:33 PM IST

তেজপুৰ, 18 মে': বিষাক্ত কাঠফুলা ভক্ষণ কৰি চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 16 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে (Many lost their lives by April after consuming poisonous mushrooms) ৷ কেৱল চৰাইদেও জিলাতে এইধৰণৰ বিষাক্ত কাঠফুলা সেৱন কৰি এই বছৰটোত বৰ্তমানলৈকে ৭ জন লোকৰ মৃত্যু হৈছে । জিলাখনৰ স্বাস্থ্য বিভাগৰ চাৰ্ভিলে়ঞ্চ বিষয়া ডাঃ দ্বাৰকা চাহুৱে প্ৰকাশ কৰিছে এই তথ্য । গাঁওখনত শেহতীয়াকৈ বিগত 13 মে'ৰ নিশাও বিষাক্ত কাঠফুলা সেৱন কৰি বিনোদ বাসুমতাৰী( ৪০) নামৰ এজন লোক গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।

বিষাক্ত কাঠফুলা ভক্ষণ: এপ্ৰিললৈকে প্ৰাণ হেৰুৱালে বহুজনে
বিষাক্ত কাঠফুলা ভক্ষণ: এপ্ৰিললৈকে প্ৰাণ হেৰুৱালে বহুজনে

বিষাক্ত কাঠফুলা সেৱন কৰাটো বেছিকৈ দেখিবলৈ পোৱা যায় অসমৰ চাহ বাগিচা সমূহত । ডিব্ৰুগড়ৰ এখন চাহ বাগিচাত বিগত ৮ এপ্ৰিলত ৰাজেশ খেৰীয়া নামৰ এজন লোকে বাগিচাৰ কাষৰ পৰা এনে কাঠফুলা আনি বিভিন্নজনৰ লগত সেৱন কৰাৰ ফলত ১১ জনকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হয় । পিছত ইয়াৰে তিনিজন লোকৰ মৃত্যু ঘটে । স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমানলৈকে তিনিচুকীয়া জিলাত এই কাঠফুলা সেৱন কৰি অসুস্থ হোৱা লোকৰ সংখ্যা ১৪ জন ৷ ইয়াৰ ভিতৰত ফিল'বাৰী চাহ বাগিচাত ১০ জন আৰু শদিয়া শিমলুগুৰিৰ চাৰিজন (Wild mushrooms cause death in Assam tea garden) ৷

আনহাতে, শিৱসাগৰ জিলাত এই সময়চোৱাত ৪ জন অসুস্থ হোৱাৰ পিছত ২ জনৰ মৃত্যু হয় । চৰাইদেও মহকুমাৰ অন্তৰ্গত টিঙালী বাম চাহ বাগিচাত ৮ জন অসুস্থ হোৱাৰ বিপৰীতে ৭ জনৰ মৃত্যু হয় ৷ একেদৰে নাফুক চাহ বাগিচাত ৪ জন লোক আক্ৰান্ত হয় যদিও পিছলৈ আটাইকেইজন সুস্থ হৈ উঠে । চাহ বাগিচা অঞ্চলৰ লোকৰ মাজত থকা আৰ্থিক দৈন্যতা আৰু শিক্ষাৰ অভাবেই হৈছে বিষাক্ত কাঠফুলা সেৱনৰ অন্যতম কাৰণ ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰা চৰাইদেও জিলাৰ বিনোদ বাসুমতাৰীৰ পত্নী ৰূপা বসুমতাৰীয়ে কয় যে তেওঁৰ স্বামী এগৰাকী দিন হাজিৰা কৰা লোক ৷

চৰকাৰৰ পৰা কোনো ধৰণৰ ৰেচন আদি তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই ৷ আনকি বৰ্তমানৰ চৰকাৰৰ "অৰুনোদয়" আঁচনিয়েও ঢুকি পোৱা নাই পৰিয়ালটোক । বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সহজে পোৱা খাদ্য সমগ্ৰীৰে চলিব লগীয়া হৈছে বুলি তেওঁ কয় । আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ ড৹ মধুস্মিতা কটকী শৰ্মাই ইটিভি ভাৰতক জনায় যে বছৰি চাহ বাগিচা সমূহৰ পৰা ৩ ৰ পৰা 4 টাকৈ কাঠফুলা সেৱন কৰি মৃত্যুৰ হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে । স্বাস্থ্য বিভাগৰ এক তথ্যত প্ৰকাশ যে উত্তৰ পূৰ্বাঞ্চলত বছৰি প্ৰায় ২০০ লোক এইধৰণৰ বিষাক্ত কাঠফুলা সেৱন কৰি মৃত্যুমুখত পৰে ।

বেছিভাগ লোকৰ মৃত্যু হয় মাৰ্চ মাহৰ শেষৰ পৰা এপ্ৰিল মাহৰ ভিতৰত । এই বিষাক্ত কাঠফুলা বেছিকৈ চাহ বাগিচাৰ একাষৰীয়া ঠাইত উৎপন্ন হয় আৰু পাঁচ-ছয় মাহলৈকে সজীৱ হৈ থাকে । উল্লেখযোগ্য যে ২00৮ চনত অসমত বিষাক্ত কাঠফুলা সেৱন কৰি ২০ জন লোকৰ মৃত্যু হৈছিল ৷ অসমৰ চাহ বাগিচা আৰু গাঁও অঞ্চলত উপলব্ধ হোৱা Amanita Phalloides Vaill নামৰ এটা বিষাক্ত প্ৰজাতিৰ কাঠফুলা সেৱন কৰাৰ বাবে এইসকল লোকৰ মৃত্যু ঘটিছিল ।

লগতে পঢ়ক: Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.