ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ: সা-সম্পত্তিৰ ক্ষতিসাধন

বিগত কিছুদিনৰ পৰা বৃদ্ধি পোৱা বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত নিদ্ৰাহৰণ হৈছে ৰঙাপৰাবাসীৰ ৷ সোমবাৰে নিশা তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ক্ষতিসাধন কৰে বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৷

Man Elephant conflict in rangapara sonitpur assam etv bharat news
বনৰীয়া হাতীৰ উপদ্ৰৱ
author img

By

Published : Jul 28, 2020, 1:34 PM IST

ৰঙাপৰা,28 জুলাই: শোণিতপুৰৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীয়ে আৱাসিক এলেকাসমূহত তাণ্ডৱ সৃষ্টি কৰাত প্ৰাণৰ মমতাত আতংকিত হৈ পৰে জন সাধাৰণ ৷ পুনৰ সোমবাৰে নিশা তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ক্ষতিসাধন কৰে বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৷ বিগত কিছুদিনৰ পৰা বৃদ্ধি পোৱা বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত নিদ্ৰাহৰণ হৈছে স্থানীয় লোকৰ ৷ ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে স্থানীয় বন বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

বনৰীয়া হাতীৰ উপদ্ৰৱত বিনষ্ট সম্পত্তি

সোমবাৰে নিশা খাদ্যৰ সন্ধানত জিলাখনৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা তিনিটাকৈ বনৰীয়া হাতীয়ে চাহ বাগিচাখনত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আলি আহমেদ নামৰ ব্যৱসায়ীগৰাকীৰ দোকান গৃহটি ভাঙি খাদ্য সামগ্ৰী ভক্ষণ কৰি ক্ষতিসাধন কৰে ৷ ইফালে,পুৱতি নিশালৈকে হাতীৰ জাকটোৱে বাগিচাখনত তাণ্ডৱ চলোৱাত ৰাইজে নিকটৱৰ্তী আমাৰীবাৰী বন বিভাগক খবৰ দিয়ে যদিও বিভাগটোৰ পৰা কোনো সঁহাৰি জনোৱা পৰিলক্ষিত নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ ইয়াৰ পূৰ্বেও হাতীৰ সন্ত্ৰাসৰ বিষয়ে অঞ্চলবাসীয়ে বন বিভাগক জনাই আহিছিল যদিও বিভাগটোৱে এইক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

লগতে চাওকঃ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে ৰঙাপৰাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.