তেজপুৰ,১ ফেব্ৰুৱাৰী : ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই মঙলবাৰে সেনাৰ ইষ্টাৰ্ণ কামণ্ডৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief হিচাপে দায়িত্ব গ্ৰহণ কৰা জেনেৰেল ৰাণা প্ৰতাপ কলিতা হৈছে প্ৰথমগৰাকী অসমীয়া (Lt Gen Rana Pratap Kalita takes over as Eastern Army Commander)। অসম সন্তান আৰ পি কলিতা পূৰ্বে সেনা বাহিনীৰ তৃতীয় ক'ৰৰ জিঅ'চি হিচাপে দায়িত্বত আছিল আৰু তাৰ পাছত ভাৰতীয় সেনাৰ মেন পাৱাৰ সঞ্চালক হিচাপে আছিল ।

মঙলবাৰে কলিতাই কলকাতাস্থিত গেৰিচন বেটেলিয়ানৰ পেৰেড গ্ৰাউণ্ডত গাৰ্ড অব অনাৰ সন্মান লৈ বিজয় শিখৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দায়িত্ব গ্ৰহণ কৰে । লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ১৯৮৪ চনত ৯ নং কুমাও ৰেজিমেণ্টত ভৰ্তি হয় আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ৰাইফলছৰ কামাণ্ডাৰ হিচাপে আছিল দায়িত্ব গ্ৰহণ কৰে । তেওঁ শ্ৰীলংকা, জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে বিভিন্ন অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ।
ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান আৰু ভাৰত-চীন সীমান্ত আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ ওপৰত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে । তেওঁ উত্তম যোদ্ধা সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা মেডেল আৰু চীফ আৰ্মী কোমেণ্ডেচন পুৰস্কাৰ লাভ কৰিছে ।
লগতে পঢ়ক:সুখবৰ ! মহানগৰবাসীৰ বাবে মুকলি হ'ল বিশেষ হেল্পলাইন নম্বৰ