তেজপুৰ, ১৯ ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে তেজপুৰৰ ঘোঁৰামাৰীৰ পতঞ্জলি আৰু ডাৱৰ উদ্যোগত থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । অলপতে ঘোঁৰামাৰীৰ পতঞ্জলিৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠান আৰু ডাৱৰ উদ্যোগত উপস্থিত হৈ তাত উৎপাদন হৈ থকা সামগ্ৰীসমূহ পৰ্যৱেক্ষণ কৰে উপায়ুক্তগৰাকীয়ে (Sonitpur DC visits Patanjali company at Tezpur)। ইয়াৰোপৰি থলুৱা কৃষকৰ লাভজনক হোৱাকৈ জৈৱিক পদ্ধতিৰে উৎপাদিত কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ উদ্যোগটোত চৰকাৰৰ সহায়েৰে বিক্ৰী কৰাৰ এক পৰিকল্পনা হাতত লোৱা হৈছে ।
উপায়ুক্তগৰাকীয়ে কয় যে পতঞ্জলিত প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে এল'ভেৰা, তুলসী পাত, গিলয় আনহাতে ডাৱৰত ব্যৱহৃত মৌ, আমলখি আদি সামগ্ৰী থলুৱা লোকে যোগান ধৰাৰ এখন ব্যাসায়িক স্থান দিয়াৰ চিন্তা কৰি ইতিমধ্যে প্ৰাৰম্ভিক আলোচনা সম্পন্ন কৰা হৈছে । অতি সোনকালে জিলাৰ ঔদ্যোগিক বিষয়াৰ সহযোগিতাত স্থানীয় লোকৰ সহযোগত এই সামগ্ৰীসমূহ যোগান ধৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে । লগতে এই খেতি কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবেও এক প্ৰয়াস কৰা হ'ব ।
এল'ভেৰা খেতি থলুৱাভাৱে বহু লোকে আৰম্ভ কৰিছে যদিও ব্যৱসায় ভিত্তিত ইয়াৰ প্ৰসাৰ বৃদ্ধি হোৱা নাই, লগতে সেই লোকসকলে কেঁচা সামগ্ৰী যোগান ধৰিবলৈ উপযুক্ত বজাৰ আৰু সুবিধা লাভ কৰা নাই ।
এই দুয়োটা উদ্যোগত প্ৰয়োজন অনুসৰি সামগ্ৰীসমূহ যোগান ধৰি খেতিয়কে উচিত মূল্য লাভ কৰিব পাৰিব বুলিও উপায়ুক্ত দাসে জানিবলৈ দিয়ে ।
উল্লেখ্য যে এই উদ্যোগত বৰ্তমান ২ হাজাৰৰো অধিক থলুৱা লোক নিয়োগ হৈ আছে । স্থানীয় খেতিয়কে এই সামগ্ৰীসমূহ উৎপাদন কৰি যোগান ধৰিবলৈ আৰম্ভ কৰিলে এখন বহল বজাৰ দখল কৰিব পাৰিব । যাৰ ফলত নিবনুৱা সমস্যা কিছু পৰিমাণে লাঘৱ হ'ব ।