ETV Bharat / state

চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

অৰুণাচলৰ লেপৰাদা জিলাত হোৱা ভূমিস্খলনৰ ফলত বাঢ়ি অহা নদীৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে দুজনৰ ৷ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য ৷ চিয়াঙৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত অসমৰ কিছু কিছু ঠাইতো ব্ৰহ্মপুত্ৰই তীব্র ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ।

author img

By

Published : Sep 19, 2020, 10:41 AM IST

Updated : Sep 19, 2020, 4:13 PM IST

Two death due to Siang river flood
চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

তেজপুৰ,19 ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশৰ লেপৰাদা জিলাত শুকুৰবাৰে বিয়লি ভাগত পাহাৰ ভাঙি পানীয়ে উটুৱাই নিয়ে দুজনক ৷ উল্লেখ্য যে, লেপৰাদা জিলাৰ দাড়ি ৰাজহ চক্ৰৰ অন্তৰ্গত বহু পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ চিয়াং নৈৰ জলপৃষ্ঠই ভয়ানক ৰূপ ধাৰণ কৰাৰ ফলত অসমৰ কিছু কিছু ঠাইত ব্ৰহ্মপুত্ৰই তীব্র ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ।

চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

বাঢ়নী পানীয়ে উটুৱাই নিয়া লোক দুজনৰ নাম বাটও দয়ে আৰু পূৰ্ণ ঠাকুৰীয়া বুলি জানিব পৰা গৈছে । অৱশ্যে,পূৰ্ণ ঠাকুৰীযাক মৃত অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

Two death due to Siang river flood
চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

প্ৰাপ্ত তথ্য অনুসৰি, নদীৰ এটা ভাগত পাহাৰৰ ভূমিস্খলন হৈ পানী আবদ্ধ হৈ আছিল । সন্দেহ প্ৰকাশ কৰা হৈছে যে, ডাৱৰ বিস্ফোৰণৰ বাবেও পানী আবদ্ধ হৈ এনেদৰে নদীৰ মাজভাগত হঠাৎ পানীৰ প্ৰকোপ বৃদ্ধি পায় । ইয়াৰ ফলত চিয়াঙৰ পৰা বাছৰ আৰু লিকাবালি পথ আবদ্ধ হৈ পৰো বুলি স্থানীয় ৰাইজে সদৰি কৰে ৷

Two death due to Siang river flood
চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

ইতিমধ্যে গোলাঘাট জিলাত ব্ৰহ্মপুত্ৰই তীব্র ৰূপ ধাৰণ কৰিছে । চিয়াঙৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত নামনি অংশত বসবাস কৰা লোকৰ সংশয় বৃদ্ধি পাইছে । পাহাৰ ভাঙি বাগৰি অহা পানীয়ে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চল জলামগ্ন কৰাৰ লগতে বহু বাট পথ ধ্বংস কৰি পেলাইছে ।

Two death due to Siang river flood
চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

ইটিভি ভাৰতে পূৰ্বে প্ৰকাশ কৰা অনুসৰি, তিব্বত আৰু চীনৰ মাজৰ য়াৰলুং চাংপোওত চীনে 30 টাৰো অধিক নদী বান্ধ নিৰ্মাণ কৰিছিল যিটো, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি ভয়ানক । ইয়াৰ ফলত হিমালয়ৰ পাদদেশত পাহাৰৰ ওপৰত পানী জমা হৈ হঠাৎ প্ৰলয়ংকাৰী ৰূপত এফালৰ পৰা ধ্বংস কৰি অহা দৃশ্যই সচেতন মহলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

Two death due to Siang river flood
চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

উল্লেখ্য যে, মাত্ৰ 18 দিনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত কেন্দ্ৰীয় ইণ্টাৰ মিনিস্ত্ৰীয়েল চেণ্ট্ৰেল দলে পূব চিয়াং জিলাৰ মেবু ৰাজহ চক্ৰৰ বানপানীত ক্ষতিগ্ৰস্ত এলেকাৰ খতিয়ান লৈছিল ৷ কিন্তু এয়া যেন অসাৰ প্ৰতিপন্ন কৰি পুনৰ আবতৰীয়া বানে এফালৰ পৰা অঞ্চলসমূহতত ত্ৰাসৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং কাঠসহ কাঠ ফলা মেচিন

Last Updated : Sep 19, 2020, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.