ETV Bharat / state

Labour Missing in Kerala: কেৰালাত নিৰুদ্দেশ অসমৰ শ্ৰমিক - Labour missing in Gohpur

কৰ্ম সংস্থাপন বিচাৰি কেৰালাৰ মালাপূৰমলৈ যোৱা গহপুৰৰ ডুবিয়াৰ যোৰহটীয়া গাঁৱৰ এজন শ্ৰমিক সন্ধানহীন । দুদিনৰ পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই সন্ধানহীন শ্ৰমিকজনৰ (Missing news of Sonitpur)।

Missing news of Sonitpur
ডুবিয়াৰ যোৰহটীয়া গাঁৱৰ শ্ৰমিক সন্ধানহীন
author img

By

Published : Apr 4, 2023, 9:51 PM IST

ডুবিয়াৰ যোৰহটীয়া গাঁৱৰ শ্ৰমিক সন্ধানহীন

বিশ্বনাথ, ৪ এপ্ৰিল: এমুঠি অন্নৰ বাবে অসমত এতিয়াও হাহাকাৰ পৰিস্থিতি । বহু জিলা তথা অঞ্চলত এতিয়াও চৰকাৰী আচঁনিয়ে ঢুকি পোৱা নাই দুখীয়া লোকক । চৰকাৰে এতিয়াও বহু লোকক সংস্থাপনৰ পথ দিব পৰা নাই । যাৰ ফলত বহু দৰিদ্ৰ পৰিয়ালক সদস্যই এমুঠি অন্নৰ বাবে সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ যাবলগীয়া হৈছে । পুনৰ বহিঃ ৰাজ্যত নিৰুদ্দেশ অসমৰ শ্ৰমিক (Labour from Assam missing in Kerala)। গহপুৰ ডুবিয়াৰ ঘনকান্ত হাজৰিকা (৪৪) নামৰ লোকজন নিৰুদ্দেশ হোৱাত এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Labour missing in Gohpur)।

উল্লেখযোগ্য যে, কৰ্ম সংস্থাপন বিচাৰি কেইদিনমান পূৰ্বে কেৰালাৰ মালাপূৰমলৈ গৈছিল শোণিতপুৰ জিলাৰ গহপুৰৰ ডুবিয়াৰ যোৰহটীয়া গাঁৱৰ ঘনকান্ত হাজৰিকা (৪৪) নামৰ লোকজন । পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি ঘনকান্ত হাজৰিকাই যোৱা ২৫ মাৰ্চত কৰ্ম সংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল । ইয়াৰ দুদিনমান আগলৈকে সকলো ঠিকেই আছিল । পৰিয়ালৰ সৈতে যোগাযোগ চলি আছিল ঘনকান্ত হাজৰিকাৰ । কিন্তু হঠাৎ যোৱা দুদিনৰ পৰা ঘনকান্ত হাজৰিকাৰ পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই ।

ইফালে, ঘনকান্ত হাজৰিকাৰ পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱাত এতিয়া ডুবিয়া অঞ্চলৰ লগতে দৰিদ্ৰ পৰিয়ালটো মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে । এই সন্দৰ্ভত পৰিয়ালৰ লোকে গহপুৰ মহকুমা আৰক্ষী লগতে কেৰালাৰ আৰক্ষীকো বিষয়টো অৱগত কৰা কথা উল্লেখ কৰে । কিন্তু আন এটা খবৰে অধিক চিন্তিত কৰি তুলিছে দৰিদ্ৰ পৰিয়ালটোক ।

পৰিয়াললৈ অহা আন এটা খবৰ অনুসৰি কেৰালাত এটা উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ । সেই মৃতদেহটো প্ৰকৃতে ঘনকান্ত হাজৰিকাৰ হয় নে নহয় তাক লৈ এতিয়া বিপাঙত পৰিছে দৰিদ্ৰ পৰিয়ালটো । ইফালে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো কেৰেলালৈ গৈ লোকজনক বিচৰাতো এতিয়া সমস্যা । সেয়েহে দৰিদ্ৰ পৰিয়ালটোৱে অসম চৰকাৰৰ লগতে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু গহপুৰ মহকুমা প্ৰশাসনৰ সহযোগিতা বিচাৰিছে ।

লগতে পঢ়ক: Jorhat transport department record: 63 কোটি টকাৰ কৰ সংগ্ৰেহেৰে অভিলেখ যোৰহাট পৰিবহন বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.