তেজপুৰ 28 জুনঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন জাগোৱাৰ বিমান আম্বালা বায়ুসেনাৰ শিৱিৰৰ পৰা উৰণ ভৰাৰ পিচতে আজি পুৱা প্ৰায় 7.45 বজাত বিমানখনত সন্দেহজনক চৰাই এটাই খুন্দা মৰাৰ ফলত ইঞ্জিনত বিজুতি ঘটাৰ ফলত বিমানখন জৰুৰী অৱতৰণ কৰোৱা হয় আম্বালাতে৷

বায়ুসেনাৰ সূত্ৰই সদৰি কৰা মতে বিমানখনৰ কোনাধৰণৰ ক্ষয়ক্ষতি হোৱা নাই ৷ ইফালে তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃকৰ্নেল,হৰ্সবৰ্ধন পাণ্ড কয় যে ঘটনাটোৰ উচিত তদন্ত কৰা হ’ব৷