ETV Bharat / state

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল পানবাৰী - কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি

নামচুবুৰী পানবাৰীৰ পৰা ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ ২নং কাৰ্যালয় হৈ ঢেকীয়াজুলি নগৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমে ৷ ইয়াৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে প্ৰতিবাদকাৰী সকলে ৷

Krishak sramik Sangram Samiti protest at Panbari
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : Jun 24, 2020, 10:31 AM IST

ৰঙাপৰা,24 জুনঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত নামচুবুৰী পানবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ প্ৰতিবাদ ৷ নামচুবুৰী পানবাৰীৰ পৰা ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ ২নং কাৰ্যালয় হৈ ঢেকীয়াজুলি নগৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্যসকলে ৷ ইয়াৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰতিবাদকাৰীসকলে ৷ সমিতিটোৰ সভাপতি প্ৰশান্ত বৈশ্যই কয় যে,বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰৰ কথা আৰু কামৰ মাজত তিলমানো মিল নাই ৷ যাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ ৷ যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিটো বাটপথ নিৰ্মাণ কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই ফুৰিছে তেনে সময়তে ঢেকীয়াজুলি নগৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা আজিলৈকে নিৰ্মাণ নকৰা কাৰ্যই চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷

পানবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

উল্লেখ্য যে,15 দিনৰ ভিতৰত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সংগঠনটোৱে পুনৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ৷ ইয়াৰ উপৰিও সংগঠনটোৱে ডিজেল-পেট্ৰ’লৰ মূল্যবৃদ্ধি হ্ৰাস কৰা,কৃষক সন্মান নিধিৰ আচঁনি ৰূপায়ণত হোৱা দুৰ্নীতিৰ তদন্ত,কেহেৰুখন্দা গাঁও পঞ্চায়তৰ দুৰ্নীতি বন্ধ কৰাৰ বাবেও দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক- নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.