তেজপুৰ, ২২ জুন : শেহতীয়াকৈ অৰুণাচল প্ৰদেশত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । যোৱা ১৭ জুনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ কিমিন-পতিন (Kimin to Potin) পথ মুকলি কৰাৰ পিছতে অৰুণাচল প্ৰদেশত এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে । কাৰণ এই সমগ্ৰ অনুষ্ঠানৰ ঠাই আই টি বি পিৰ (ITBP) কাৰ্য্যালয়ত অনুষ্ঠিত হৈছিল আৰু উক্ত অঞ্চল অসমৰ লখিমপুৰ জিলাৰ অধীনত । কিন্তু কিমিন চহৰ অসমৰ অধীনৰ বুলি তাত থকা ফলকত লিখা হৈছিল ।
ব'ৰ্ডৰ ৰোডছ(Border Roads) কতৃপক্ষক ইতিমধ্যে এনে কাৰ্যকলৈ সমালোচনা কৰিছে বিভিন্নজনে । পথটো মুকলি হৈ যোৱাৰ পিছতে আনকি মন্ত্ৰী কিৰেন ৰিজিজুৱেও এক বৃহৎ ভুল বুলি স্বীকাৰ কৰিছে । মন্ত্ৰীগৰাকীয়ে ফেচবুকৰ জৰিয়তে ৰাইজক এই বিষয়ে অৱগত কৰিছে লগতে বিআৰঅ'(BRO) কতৃপক্ষক এই বিষয়ে অৱগত কৰাৰ কথা উল্লেখ কৰিছে । সেই স্থানত স্থানীয় প্ৰশাসন উপস্থিত হৈ ভুল শুধৰণিৰ বাবে ব্যৱস্থা গ্ৰহণৰো কৰিব বুলি তেওঁ উল্লেখ কৰিছে ফেচবুক পোষ্টত ।
![kimin issue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-22june-01-pix-kiminissue-pranabkumardas-7203907_22062021105848_2206f_1624339728_917.jpg)
ইফালে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনে(Border Roads Organisation) উক্ত ঠাইত অসম বুলি লিখি পিছত বগা পেষ্ট লগাই থোৱা ছবি পোহৰলৈ আহিছে আৰু তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণাচল প্ৰদেশৰ লোকে । উল্লেখ্য যে মুকলি কাৰ্যসূচী অনুষ্ঠিত হোৱা ঠাই টুকুৰা অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ৰঙা ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত কিন্তু এটা বিশেষ অৰুণাচলৰ সংবাদ মাধ্যমে অসমৰ এই ৰিজাৰ্ভ সমীপৰ পৰা উক্ত ঠাই অৰুণাচল প্ৰদেশৰ বুলি প্ৰচাৰ কৰাৰ পিছতে এই ঘটনাৰ সূত্ৰপাত হয় । আনহাতে জিঅলজিকেল ছাৰ্ভে অব ইণ্ডিয়া(Geological Survey of India) মেপ ১৯৭১ ৰ তথ্যৰ অধীনত ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া বৰ্তমানৰ আই টি বি পিৰ (ITBP) কেম্প য'ত অনুষ্ঠানৰ আয়োজন হৈছিল সেই ঠাই অসমৰ অধীনত আৰু সেই বাবেই অসমৰ সুৰক্ষা বাহিনী প্ৰয়োগ কৰা হৈছিল প্ৰতিৰক্ষা হিচাপে ।
![kimin issue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-22june-01-pix-kiminissue-pranabkumardas-7203907_22062021105848_2206f_1624339728_969.jpg)
লগতে পঢ়ক:4 হাজাৰ কোটি টকা লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ : মুখ্যমন্ত্ৰী