ETV Bharat / state

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজকঃ ৰাইজে নিৰ্মাণ কৰিবলগীয়া হৈছে পথ ।

author img

By

Published : Jun 30, 2019, 2:48 PM IST

খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ প্ৰকাণ্ড গাঁত

ৰঙাপৰা,30জুনঃ শোণিতপুৰৰ অতি গুৰুত্বপূৰ্ণ এটি পথ হ'ল খনামুখ-তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংযোগী পথচোৱা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খনামুখ তিনিআলিৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈ তেজপুৰ-নগাঁও সংযোগী পথচোৱাৰে নিতৌ শ শ গাড়ী চলাচল হৈ আহিছে । অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত এই পথচোৱা সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে । পথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । পথচোৱা গড়কাপ্তানী বিভাগে মেৰামতি নকৰাৰ ফলত ৰঙাজান, খনামুখ, কেকেৰাজান, মিচিং গাঁও, ৰৌমাৰী, ৰঙাজান মিচিং, ২ নং মিৰি পথাৰ, কেকোকুলি নেপালী, মানশিৰি, ৰাজগড় আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে চৰম দুৰ্ভোগ ভুগি আহিছে । তাৰোপৰি উক্ত পথচোৱাত বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লেতেৰা পানী গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে। ইফালে, পথচোৱাৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ কেইটামান গাত সমূহ স্থানীয় মহিলা সকলে ধন সংগ্ৰহ কৰি শিল-বালি পেলাই পুতি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলক যাতায়তৰ ক্ষেত্ৰত উপযোগী কৰাৰ ব্যৱস্থা কৰে।

Intro:খনামুখ-তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজকঃ ৰাইজে নিৰ্মাণ কৰিবলগীয়া হৈছে পথ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ অতি গুৰুত্বপূৰ্ণ এটি পথ হল খনামুখ-তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় সংযোগী পথচোৱা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খনামুখ তিনিআলিৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈ তেজপুৰ-নগাঁও সংযোগী পথচোৱাৰে নিতৌ শ শ গাড়ী চলাচল কৰি আহিছে। অতি গুৰুত্বপূৰ্ণ পথচোৱা সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে। পথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। পথচোৱা গড়কাপ্তানী বিভাগে মেৰামতি নকৰাৰ ফলত ৰঙাজান, খনামুখ, কেকেৰাজান, মিচিং গাঁও, ৰৌমাৰী, ৰঙাজান মিচিং, ২ নং মিৰি পথাৰ, কেকোকুলি নেপালী, মানশিৰি, ৰাজগড় আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে চৰম দুৰ্ভোগ ভুগি যাতায়ত কৰি আহিছে। তাৰোপৰি উক্ত পথচোৱাৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জুপিতৰা একাডেমী, ডেফিডল ইংৰাজী বিদ্যালয় আৰু খাউল একাডেমী ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লেতেৰা পানী গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হৈছে। ইফালে, পথচোৱাৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ কেইটামান গাত সমূহ স্থানীয় মহিলা সকলে ধন সংগ্ৰহ কৰি শিল-বালি পেলাই পুতি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলক যাতায়তৰ ক্ষেত্ৰত উপযোগী কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে প্ৰায় দুবছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰিছিল যদিও নিম্নমানৰ পথ মেৰামতি আৰু পথচোৱাৰে অতিৰিক্ত বোজা কঢ়িওৱা গাড়ী সমূহ চলাচল কৰাৰ ফলত আজি পথচোৱা বিধ্বস্ত হোৱা বুলি ৰাইজে অভিযোগ কৰে। মুঠৰ ওপৰত ৰাইজে পথচোৱাৰ পৰা অশান্তি ভোগ কৰি আহিছে। বাৰিষা কালত পুখুৰীৰ সদৃশ গাত আৰু খৰালি কালত ধূলিময় হৈ পৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.