তেজপুৰ,৩ ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰ সংযুক্ত হ’ল আৰু তিনিটা সংযোজন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ব্যাঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজন সম্প্ৰসাৰিত কৰিলে বৃহস্পতিবাৰে । সপ্তম,অষ্টম আৰু নৱম সংযোজনত সামৰি লোৱা হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেবাটাও অংশ । এক প্ৰাৰম্ভিক নটিফিকেচন চৰকাৰৰ পৰা বৃহস্পতিবাৰে লাভ কৰে ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্তৃপক্ষই । এই তথ্য সদৰী কৰে উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ।
এই তিনিটা সংযোজন লাভ কৰা মুঠ এলেকা সমূহ হৈছে সপ্তম সংযোজনৰ ১৭৬ হেক্টৰ দেউচৰা পালখোবা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট নগাঁও জিলা, অষ্টম সংযোজনত ৩০৭ হেক্টৰ বান্দৰডুবি আৰু নগাঁও জিলাৰ আৰু নৱম সংযোজনত মৌ খোৱা চাপৰি শোণিতপুৰ জিলাৰ মুঠ ২,৫৭০ হেক্টৰ ভূমি সামৰি লোৱা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি আৰু ইয়াৰ ভিতৰত ষষ্ঠ সংযোজনৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজিত হৈ আছে ।
ইপিনে এই নতুনকৈ সংযোজিত তিনিটা সংযোজন বেদখলৰ গৰাহত আছিল আৰু বৰ্তমান সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰে । এই সংযোজনে বন্য প্ৰাণীৰ মুক্ত বিচৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু মানুহৰ সংঘাতৰ পৰা মুক্ত হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই । বৰ্তমান এই তিনিটা সংযোজন অৰ্ন্তভূক্ত হোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৯১৫.৫৩ বৰ্গ কিলোমিটাৰ হ’ব , পূৰ্বে বিশ্বনাথ বন্য প্রাণী এলেকা সামৰি ৮৮৫ বৰ্গ কিলোমিটাৰ আছিল ।