তেজপুৰ,১৭ আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীক ৰেবিজ প্ৰতিষেধক প্ৰদান কৰে ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসা বিভাগে । সোমবাৰৰ পৰা আৰম্ভ কৰা এই প্ৰতিষেধক উদ্যানৰ সকলো হাতীকে প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ।
অসমৰ বানপানীৰ পিছত জীৱ জন্তুৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয় আৰু ইয়াৰ প্ৰধান কাৰণ বহু দিনলৈকে পানী আৰু বোকাত থকাৰ বাবে ৰেবিজ নামৰ এবিধ ৰোগে আক্ৰমণ কৰা । আৰু এই ৰোগৰ প্ৰতিৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে ৰেবিজ প্ৰতিষেধক প্ৰদান কৰে । যোৱা তিনিটা বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী ঠাইত বহু কেইটা গৰু মৃত্যু ঘটিছিল ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলত মুঠ ১৬ টা গৰুৰ মৃত্যু হৈছিল যোৱা ২৮ জুলাই ৰ পৰা ১৭ আগষ্ট লৈকে । ইয়াৰ ভিতৰত ৰঙাজানত ১৩ তা , মিহিমুখত ১ টা আৰু পিল খানাত ২ টা গৰুৰ এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱাৰ তথ্য পৰীক্ষাগাৰৰ পৰা পাইছে , আৰু তাৰ বাবে প্ৰতিষেধকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ হাতীক এই এন্টি ৰেবিজ ভেকচিন সোমবাৰৰ পৰা প্ৰদান কৰিছে ।
লগতে পঢ়ক :আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত