ETV Bharat / state

তেজপুৰৰ ৰাজপথত বন্দী বিষ্ণুৰাভা; চিপাহীয়ে বন্দী কৰি নিলে কাৰাগাৰলৈ !

"দেশদ্ৰোহী" আখ্যা পোৱা সৈনিক শিল্পী জনৰ প্ৰকৃত স্বৰূপক সাধৰণ ৰাইজৰ আগত পৰিচয় কৰাই দিয়াৰ মানসেৰে "শিকলি" প্ৰদৰ্শন ৷

kalaguru bishnu prasad rabha remenbered
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন-ভিত্তিক চুটি ছবি "শিকলি" ক লৈ বাটৰ নাট
author img

By

Published : Nov 21, 2021, 5:03 PM IST

তেজপুৰ, 21 নৱেম্বৰ : 1962 চনৰ 19 নৱেম্বৰৰ দিনটোতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক গাত লোহাৰ শিকলি বান্ধি গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আৰক্ষীয়ে দেশদ্ৰোহী সজাই নিজৰ বাসগৃহৰ পৰাই টানি টানি তেজপুৰ চহৰৰ মাজমজিয়াৰে লৈ যোৱা হৈছিল বিপ্লৱী শিল্পী গৰাকীক ৷ অসম চৰকাৰৰ দুটাকৈ ৰঙা পুলিচে লোহাৰ শিকলিৰে মেৰিয়াই তেখেতৰ ওপৰত এই অত্যাচাৰ চলাইছিল ৷

চলিত বৰ্ষৰ 19 নৱেম্বৰতো অনুৰূপ ঘটনাই ঘটিল তেজপুৰ চহৰৰ মাজমজিয়াত ৷ 19 নৱেম্বৰৰ পুৱা 11 বজাত তেজপুৰ কলিবাৰীৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহৰ পৰা পুনৰ দুটাকৈ ৰঙা পুলিচে আকৌ গ্ৰেপ্তাৰ কৰি তেজপুৰৰ ৰাজপথেৰে টানি লৈ গ'ল বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাক ৷

kalaguru bishnu prasad rabha remenbered
বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন-ভিত্তিক চুটি ছবি "শিকলি" ৰ কিছু অংশ

19 নৱেম্বৰ, এই বিশেষ দিনটোৰ বিশেষ দৃশ্যাংশক পুনৰ জনতাৰ আগত তুলি ধৰা হ’ল "শিকলি" বাট নাটৰ জৰিয়তে ৷ নগাঁৱৰ পৰা অহা দুই নাট্যশিল্পী আৰু তেজপুৰৰ এগৰাকী নাট্যশিল্পী-আবৃত্তিকাৰে এই বাটৰ নাটত অভিনয় কৰে ৷ 1962 চনত কলাগুৰুৱে আৰক্ষীৰ সন্মুখত কেনেদৰে বিপ্লৱী গীত-কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেইয়াই প্ৰদৰ্শন কৰোৱা হয় এই নাটখনৰ জৰিয়তে ৷

আৰক্ষীয়ে যিমানেই কঠোৰ ভাষাৰে মানসিক-শাৰীৰিক নিৰ্যাতন চলাইছিল সিমানেই কলাগুৰু গৰাকীৰ মুখেৰে ওলাই আহিছিল "ভাং ভাং ভাং লোৰ শিকলি ভাং" আদি বিপ্লৱী কবিতা ৷ বাসগৃহত আজি এই দৃশ্য পুনৰ প্ৰত্যক্ষ কৰিলে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি কলাগুৰুৰ কলিবাৰীৰ বাসগৃহত শুকুৰবাৰে পুৱা প্ৰায় 11 বজাত হুৱাদুৱা লাগে ৷ এনে অনাহুত দৃশ্য প্ৰতক্ষ কৰি কাষ চাপি আহিল ওচৰ চুবুৰীয়া ৰাইজ ৷

নগাঁৱৰ শিল্পী ক্ৰমে দুলাল বৰা আৰু বিৰিঞ্চি বৰাই এই দিনটোৰ তাৎপৰ্য ব্যখ্যা কৰে ৷ আবৃত্তি, সংলাপেৰে গোটেই চুটি নাটকখন সফল কৰি তোলা তেজপুৰৰ দক্ষ আবৃত্তিকাৰ তথা নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কলিতাৰ কনিষ্ঠ পুত্ৰ বিকাশ জ্যোতি কলিতাই কলাগুৰুৰ চৰিত্ৰ ৰূপায়ণ কৰি নিজকে ধন্য মানে ৷ কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ, বিধায়ক পৃথ্বীৰাজ ৰাভাই বাটৰ নাটখন প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰে আৰু সাংবাদিকৰ আগত সেই দিনটোৰ স্মৃতি ৰোমন্থন কৰি শিল্পী সকলক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে চাওক :Rajasthan Cabinet reshuffle : ১৫ গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.