ETV Bharat / state

Joint Military exercise : ভাৰত-বাংলাদেশৰ ১৪ দিনীয়া যৌথ সামৰিক অনুশীলনৰ সামৰণি

সোমবাৰে মেঘালয়ৰ উমৰয়ত সামৰণি পৰে ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সামৰিক অনুশীলন SAMPRITI-XI ৰ একাদশ সংস্কৰণৰ ৷ উমৰয়ৰ যৌথ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই অনুশীলন ৷

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 9:26 PM IST

Joint Military exercise of India Bangladesh
সামৰণি পৰিল ভাৰত-বাংলাদেশৰ ১৪ দিনীয়া যৌথ সামৰিক অনুশীলন

তেজপুৰ, ১৬ অক্টোবৰ : ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সামৰিক অনুশীলন SAMPRITI-XI ৰ একাদশ সংস্কৰণৰ সোমবাৰে মেঘালয়ৰ উমৰয়ত সামৰণি পৰে ৷ শ্বিলঙৰ প্ৰতিৰক্ষা মুখপাত্ৰ উইং কমাণ্ডাৰ শ্ৰীপ্ৰকাশে জনায় যে ভাৰত আৰু বাংলাদেশ সেনাৰ যৌথ সামৰিক অনুশীলনৰ সামৰণি অনুষ্ঠান, SAMPRITI-XI উমৰয়ৰ যৌথ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় ৷ এই ১৪ দিনীয়া অনুশীলনৰ লক্ষ্য আছিল আন্তঃকাৰ্যক্ষমতা লাভ কৰা আৰু ৰাষ্ট্ৰসংঘৰ আদেশ অনুযায়ীহে দুয়োখন দেশৰ সেনাই অনুশীলনৰ জৰিয়তে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল ৷

Joint Military exercise of India Bangladesh
ভাৰত-বাংলাদেশৰ যৌথ সামৰিক অনুশীলন

বাংলাদেশৰ দলটোত ৫২ নং ইনফেণ্ট্ৰি ব্ৰিগেডৰ ১৭০ জনীয়া জোৱানৰ বিপৰীতে ৬৬ মাউণ্টেইন ব্ৰিগেডৰ ১৫ নং বেটেলিয়ন দ্য ৰাজপুত ৰেজিমেণ্টৰ ১৭০ জন সৈন্যৰে গঠিত ভাৰতীয় দলটোৱে অংশগ্ৰহণ কৰিছিল ৷ বাংলাদেশ আৰু ভাৰতীয় সেনা উভয়ৰে ৩৪০ জন জোৱানে বিগত সময়ত সমগ্ৰ বিশ্বতে বিভিন্ন অভিযান চলাই লাভ কৰা অভিজ্ঞতাৰ বিষয়ে অনুশীলনৰ জৰিয়তে মত বিনিময় কৰে বুলি জানিব দিয়ে উইং কমাণ্ডাৰ শ্ৰীপ্ৰকাশে ৷ এই অনুশীলন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল ৷ প্ৰথম পৰ্যায়ত কমাণ্ড পোষ্ট এক্সাৰচাইজ আৰু দ্বিতীয় পৰ্যায়ত ভেলিডেচন এক্সাৰচাইজ আৰু বেটেল ইনকুলেচনকে ধৰি ফিল্ড ট্ৰেইনিং এক্সাৰচাইজ অনুষ্ঠিত কৰা হয় ৷

দুয়োটা দলে যৌথভাৱে বৈধকৰণ অনুশীলনত অংশগ্ৰহণ কৰিছিল য’ত কৰ্ডন আৰু অনুসন্ধান অভিযান, কোঠাৰ হস্তক্ষেপৰ লগতে বিমান চলাচলৰ প্ৰচেষ্টাও আছিল ৷ এই অনুশীলনত দুয়োখন দেশৰ সেনাই নতুন প্ৰজন্মৰ অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ প্ৰদৰ্শন আৰু সক্ৰিয় ব্যৱহাৰো অন্তৰ্ভুক্ত কৰে ৷ ভাৰত-বাংলাদেশৰ যৌথ অনুশীলনৰ আয়োজন বাৰ্ষিক ভিত্তিত কৰা হয় ৷ ভাৰত আৰু বাংলাদেশে বিকল্পভাৱে পাৰস্পৰিকতাৰ ভিত্তিত SAMPRITI নামেৰে অনুশীলন কৰে ৷

প্ৰথম অনুশীলন SAMPRITI যোৰহাটত ২০০৯ চনত অনুষ্ঠিত হৈছিল ৷ ২০২২ চনলৈকে দুয়োখন ৰাষ্ট্ৰৰ মাজত মুঠ ১০টা সংস্কৰণৰ যৌথ অনুশীলন অনুষ্ঠিত কৰা হৈছে ৷ SAMPRITI-XI ত অত্যন্ত ভাল প্ৰদৰ্শন কৰা সৈনিকসকলক সম্বৰ্ধনা জনোৱাৰ বাবে এক সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ দুয়োখন দেশৰ সেনাৰ দলে ইজনে সিজনৰ মূল্যৱান যুদ্ধ অভিজ্ঞতা আৰু উত্তম অনুশীলন আদান-প্ৰদান কৰে আৰু লগতে সেনা জোৱান সকলৰ মাজত অন্তিম দিনটোত প্ৰীতিমূলক ভলীবল মেচ আৰু কেম্প ফায়াৰ অনুষ্ঠিত কৰা হয় ৷ যৌথ প্ৰশিক্ষণৰ সফল শিখৰত উপনীত হোৱাটোৱেই আছিল দুয়োখন দেশৰ মাজত আন্তৰিক সম্পৰ্ক নিশ্চিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি ৷ দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত বুজাবুজি আৰু আন্তঃকাৰ্যকাৰীতাক প্ৰসাৰিত কৰাৰ উপৰিও ই দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক গঢ়ি তোলাত আৰু অধিক সহায়ক হ’ব বুলি এক বিবৃতিত জনায় ৷

লগতে পঢ়ক : River Cruise : বাংলাদেশৰ পৰা দেশী-বিদেশী পৰ্যটকসহ ধুবুৰীত প্ৰৱেশ বিলাসী জাহাজ চৰাইদেউ-২ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.