ETV Bharat / state

দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ঋশভ - ঋশভ শৰ্মা

দৰিদ্ৰতা কেতিয়াও অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ তাকেই প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ এগৰাকী ছাত্ৰই ঋশভ শৰ্মাই ৷ এটা কোঠালীতেই পৰিয়ালৰ সৈতে বাস কৰি ঋশভে ৰচিলে সফলতাৰ গান

সফলতাৰে উত্তীৰ্ণ জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ ঋশভ
author img

By

Published : May 16, 2019, 12:13 AM IST

জামুগুৰিহাট, 15 মে' : দৰিদ্ৰতা কেতিয়াও অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ তাকেই প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ এগৰাকী ছাত্ৰই ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰি উচ্চতৰ মাঃ বিদ্যালয়ৰপৰা ৯০.৫% নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ঋশভ শৰ্মাই ৷ চৰকাৰী গৃহৰ এটা কোঠালীতেই পৰিয়ালৰ সৈতে বাস কৰি অতি কষ্টৰে অধ্যয়ন কৰা ঋশভে গোটেই কেইটা বিষয়ত নম্বৰ লাভ কৰাৰ লগতে গণিত আৰু ঐচ্ছিক গণিতত লাভ কৰে ১০০ৰ ভিতৰত ১০০ নম্বৰ ৷

সফলতাৰে উত্তীৰ্ণ জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ ঋশভ

কেৱল এখন তামোল-পাণৰ দোকান দি যেনে তেনে পৰিয়াল পোহপাল দিয়া ঋশভৰ পিতৃ এতিয়া উৎফুল্লিত পুত্ৰৰ সাফল্যত ৷ যদিও ভৱিষ্যৎ দিনত ঋশভৰ অধ্যয়নক লৈ চিন্তিত পিতৃ-মাতৃ ৷ গণিত আৰু ঐচ্ছিক গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও ঋশভৰ সপোন বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱা ৷ সেয়েহে এতিয়া ঋশভৰ পিতৃ-মাতৃৰ আহ্বান ৰাইজলৈ, ৰাইজৰ সহায়ে অনাগত দিনত সহায় কৰিব ঋশভক জীৱনৰ বাটত আগুৱাই যাবলৈ ৷

Intro:দৰিদ্ৰতা কেতিয়াও অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে জামুগুৰিহাটৰ এগৰাকী ছাত্ৰই ৷Body:সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামুগুৰি উচ্চতৰ মাঃ বিদ্যালয়ৰপৰা ৯০°৫% নম্বৰ লাভ কৰি কৃতকাৰ্য্যতাৰে উৰ্ত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ এইগৰাকী ঋশভ শৰ্মাই৷চৰকাৰী গৃহৰ এটা কোঠালীৰ আৱাসতেই পৰিয়ালৰ সকলোৱেই জীৱণ নিৰ্বাহ কৰি অতি কষ্টৰে অধ্যয়ন কৰা এইগৰাকী ছাত্ৰই গণিত আৰু ঐচ্ছিক গণিতত লাভ কৰে ১০০ৰ ভিতৰত ১০০ নম্বৰ৷Conclusion:পিতৃ- মাতৃয়ে কেৱল এখন পান তামোলৰ দোকান দি পৰিয়ালটো যেনে তেনে পোহপাল দিয়া ঋশভৰ এই সাফল্যত দৰিদ্ৰ পিতৃ মাতৃ আনন্দিত যদিও ভৱিষ্যৎ দিনত ঋশভৰ অধ্যয়নক লৈও চিন্তিত পিতৃ মাতৃ৷গণিত আৰু ঐচ্ছিক গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও ঋশভে ইংৰাজীত-৮০,সমাজ বিজ্ঞানত-৯০,বিজ্ঞানত-৮৩,অসমীয়াত-৯০নম্বৰ লাভ কৰা ঋশভ শৰ্মাই বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যত দিনত এগৰাকী অভিযন্তা হোৱা মন৷
Byte1:ঋশভ শৰ্মা৷
Byte2,3:পিতৃ ৷

Pransankar Bhuyan
ETv bharat
Assam.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.