ETV Bharat / state

বিধায়ক বিহীন সমষ্টিত ঠিকাদাৰৰ ব্যাপক অনিয়ম

ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানী পথটিৰ সৈতে সংলগ্ন ২.৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পকী পথলৈ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছিল ১ কোটি ৫৯ লাখ ২৪ হাজাৰ ১২৪ টকা ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথছোৱা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে ঠিকাদাৰে ৷

author img

By

Published : Aug 12, 2020, 1:08 PM IST

Rangapara
Rangapara

ৰঙাপৰা,12 আগষ্টঃ বিধায়ক বিহীন ৰঙাপৰা বিধানসভা সমষ্টিত চৰকাৰী আঁচনিৰ নামত চলিছে ব্যাপক অনিয়ম ৷ জানিব পৰা মতে,ৰঙাপৰাৰ ৩নং ৰূপাজুলি চাহ বাগিচাৰ পৰা ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানী পথটিৰ সৈতে সংলগ্ন ২.৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পকীপথলৈ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছিল ১ কোটি ৫৯ লাখ ২৪ হাজাৰ ১২৪ টকা ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথছোৱা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে ঠিকাদাৰে ৷

বিধায়ক বিহীন সমষ্টিত ঠিকাদাৰৰ ব্যাপক অনিয়ম

লগতে পঢ়কঃ উবেৰাইজেছন আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ: অশোক ভট্টৰায়

জানিব পৰা মতে,উক্ত পথছোৱাৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল আশোতুশ চক্ৰৱৰ্তী নামৰ ঠিকাদাৰজনে ৷ ৰাইজে অভিযোগ উত্থাপন কৰে যে,ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ উপৰিও অতি লেহেমীয়া গতিত নিৰ্মাণৰ কাম কৰাৰ ফলত এতিয়া খহিবলৈ ধৰিছে পথছোৱাৰ ব্লেকটেপিং ৷ আষোতোশ চক্ৰৱৰ্তীয়ে 2018 চনৰ ডিচেম্বৰ মাহতে আৰম্ভ কৰা পথটিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় 2019 চনৰ ডিচেম্বৰ মাহত ৷ ঠিকাদাৰৰ এই কাণ্ডৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ লগতে পথছোৱাত সংঘটিত হোৱা ব্যাপক অনিয়মসমূহ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে স্থানীয় ৰাইজে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.