ৰঙাপৰা,25 মেঃ সফলতাৰে সমাপ্ত হ'ল শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ঠাকুৰবাৰী 71 মাউণ্ট বিগ্ৰেডৰ অধীনত তৰাজুলী চাহ বাগিছাত আয়োজিত আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা ৷ অঞ্চলটোৰ ছাত্ৰ তথা যুৱক সকলক খেলৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে প্ৰতিভা বিকাশ ঘটোৱাৰ উদ্দেশ্যৰে অসম ৰাইফলছে আয়োজন কৰিছিল এই প্ৰতিযোগিতা ৷ তাৰাজুলীস্থিত অস্থায়ী শিৱিৰত যোৱা 20 তাৰিখৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনত ৰঙাপৰাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে ৷
শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত মুখা-মুখি হৈছিল বিহুৰাম বড়ো হাইস্কুল আৰু লক্ষেশ্বৰ ব্ৰহ্ম হাইস্কুল ৷ উত্তেজনাপূৰ্ণ খেলখনত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে বিহুৰাম বড়ো হাইস্কুলে ৷ চূড়ান্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম ৰাইফলছৰ বিষয়া হৰিশ যোশী ৷