ETV Bharat / state

ৰঙাপৰাৰ অনুভাষ যন্ত্ৰবোৰৰ কাম কি?

author img

By

Published : May 13, 2019, 2:50 PM IST

ইতিমধ্যে মাইক সংযোগ কৰা তাঁৰবোৰ দুষ্কৃতিকাৰীয়ে ঠায়ে ঠায়ে কাটি পেলোৱাৰ লগতে চুৰ কৰি নিছে মাইকবোৰো । স্থানীয় ৰাইজে কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি ফল নধৰিলে বুলি জানিব পৰা গৈছে । চৰকাৰী আঁচনিখন চৰকাৰেই কাৰ্যক্ষম কৰাৰ চেষ্টা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

ধোঁৱাচাঙত চৰকাৰৰ তথ্য ও জনসংযোগ বিভাগৰ আঁচনি

ৰঙাপৰা, ১৩ মে': শোণিতপুৰ জিলাৰ মিছামাৰীত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ এখন আঁচনি সম্প্ৰতি ধোঁৱাচাঙত উঠা পৰিলক্ষিত হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে মিছামাৰীত ৰাইজৰ হিতাৰ্থে স্থাপন কৰা হৈছিল কেইবাটাও মাইক । বৃহত্তৰ অঞ্চলটোৰ কেন্দ্ৰস্থল গৰুবন্ধাত ৰাইজে এই মাইকেৰে পুৱা - গধূলি বাতৰি শুনি আহিছিল । কিন্তু দিন বাগৰাৰ লগে লগে যন্ত্ৰবোৰ বিকল হৈ পৰাৰ লগতে মেৰামতিৰ অভাৱত চৰকাৰী প্ৰচাৰ মাধ্যমটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।

ধোঁৱাচাঙত চৰকাৰৰ তথ্য ও জনসংযোগ বিভাগৰ আঁচনি

উল্লেখ্য যে, মিছামাৰী থানাৰ জৰিয়তে পৰিচালিত এই মাইকবোৰ মেৰামতি নকৰাৰ ফলত সম্পূৰ্ণৰূপে বিকল হৈ পৰে ৷ ইতিমধ্যে মাইক সংযোগ কৰা তাঁৰবোৰ দুষ্কৃতিকাৰীয়ে ঠায়ে ঠায়ে কাটি পেলোৱাৰ লগতে চুৰ কৰি নিছে মাইকবোৰো । স্থানীয় ৰাইজে কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি ফল নধৰিলে বুলি জানিব পৰা গৈছে । চৰকাৰী আঁচনিখন চৰকাৰেই কাৰ্যক্ষম কৰাৰ চেষ্টা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

Intro:মিছামাৰীত তথ্য ও জনসংযোগ বিভাগৰ আঁচনি ধোঁৱাচাঙতঃ ৰাজহুৱা স্থাপন কৰা স্থিৰ অনুভাষবোৰ পৰি আছে বিকল অৱস্থাত।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীত ৰাজ্য চৰকাৰৰ তথ্য ও জনসংযোগ বিভাগৰ আঁচনিখন সম্প্ৰতি ধোঁৱা চাঙত উঠিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মিছামাৰীতো চৰকাৰৰে স্থিৰ অনুভাষ যন্ত্ৰ সমূহ স্থাপন কৰিছিল। বৃহত্তৰ অঞ্চলটোৰ কেন্দ্ৰস্থল গৰুবন্ধাৰ বিদ্যুতৰ খুঁটাত মাইকবোৰ বান্ধি চৰকাৰী আৰু ৰাজহুৱা বা-বাতৰি সমুহ ৰাইজে পুৱা-গধূলি শুনি আহিছিল। কিন্তু দিন বাগৰাৰ লগে লগে ইয়াৰ যন্ত্ৰপাতিবোৰ বিকল হৈ পৰে আৰু মেৰামতিৰ অভাৱত চৰকাৰী প্ৰচাৰ মাধ্যমটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। উল্লেখ্য যে মিছামাৰী থানাৰ জৰিয়তে পৰিচালিত উক্ত মাধ্যমৰ পৰা কিছুদিন ধৰি ৰাইজে চৰকাৰী আৰু ৰাজহুৱা বা-বাতৰি সমুহ সময়ে সময়ে লাভ কৰিছিল ৷ কিন্তু এনেকৈ চলি থকাৰ মাজতে প্ৰচাৰ মাধ্যমটোৰ মাইকবোৰ বন্ধ হৈ পৰাৰ পাছত ইয়াৰ যন্ত্ৰপাতি আৰু মাইকবোৰ মেৰামতি নকৰাৰ ফলত ইয়াৰ সামগ্ৰীবোৰ সম্পূৰ্ণৰূপে বিকল হৈ পৰে ৷ ফলত তাঁৰবোৰ ছেদেলি ভেদেলি হোৱাৰ উপৰি মাইকবোৰ খুঁটাত ওলমি আছে ৷ প্ৰাপ্ত খবৰ মতে ইতিমধ্যে মাইক সংযোগ কৰা তাঁৰবোৰ দুষ্কৃতিকাৰী সকলে ঠায়েঠায়ে কাটি পেলুৱাৰ উপৰি মাইক খুলি চুৰি কৰি লৈ গৈছে। ইয়াৰ পাছতো স্থানীয় একাংশ ৰাইজ জিলা কৰ্তৃপক্ষক বিষয়টোৰ সন্দৰ্ভত অৱগত কৰিছিল যদিও আজিকোপতি ফল নধৰিলে বুলি জানিব পৰা গৈছে। চৰকাৰী আঁচনিখন চৰকাৰে কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.