তেজপুৰ, ৫ মাৰ্চ : ভাৰতীয় ৰেলৱেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি আৰম্ভ কৰা ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলে চলিত মাহত গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সিদ্ধান্ত লৈছে । অহা ২১ মাৰ্চৰ পৰা দিল্লী চফদৰজং ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰে’ল ভ্ৰমণে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু ক’হিমা আৰু মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জীক ১৫ দিনৰ ভিতৰত এই সামৰি ল’ব বুলি জানিবলৈ দিয়ে ৰেল বিভাগৰ তৰফৰ পৰা । মুঠ ১৫ দিন আৰু ১৪ নিশাৰ বাবে এই ৰেলখনে যাত্ৰা আৰম্ভ হোৱাৰ পিচত প্ৰথমে ৰ’ব গুৱাহাটীত ৷ য’ত পৰ্যটকে কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰৰ লগতে কিছু স্থান ভ্ৰমণ কৰিব (Bharat Gaurav Train to North East )।
ইয়াৰ পিচতে নিশাৰ ভাগত নাহৰলগুন, শিৱসাগৰৰ বিভিন্ন ঐতিহ্য ক্ষেত্ৰত ভ্ৰমণ কৰিব । যোৰহাটৰ চাহ বাগিচা আৰু কাজিৰঙাত নিশা কটোৱাৰ উপৰিও ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জংঘল ছাফাৰী কৰিব পৰ্যটকসকলে । ডিলাক্স এ চি পৰ্যটন ৰেলখনে ইয়াৰ পিচত ফৰকাটিং ৰেলৱে ষ্টেচনৰ পৰা ত্ৰিপুৰা, আগৰতলালৈ ৰাওনা হ’ব । ত্ৰিপুৰাৰ পাচত নাগালেণ্ড ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব ৰে’লখন (North East Discovery Beyond Guwahati)।
নাগালেণ্ড ভ্ৰমণ সমাপ্ত হোৱাৰ পিচতে পৰ্যটকৰ ৰে’লখন গুৱাহাটীত উপস্থিত হ’ব ৷ ইযাৰ পৰা পৰ্যটকসকলক মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ লৈ যোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মেঘালয়, শ্বিলঙৰ কিছু অংশ ভ্ৰমণ কৰিব পৰ্যটকসকলে ৷ উল্লেখ্য যে, ৫৮০০ কিলোমিটাৰ পথ যাত্ৰীসকলে ৰেলযোগে ভ্ৰমণ কৰিব আধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনখনৰ যোগেদি ৷
এই ৰেলখনত দুখন ফাইন ডাইনিং ৰেষ্টুৰেণ্ট, এটা পাকঘৰ, এটা সৰু পুথিভড়ালকে ধৰি বহুতো আকৰ্ষণীয় বৈশিষ্ট্য সংযুক্ত হৈ আছে বুলি জানিবলৈ পৰা গৈছে । সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত ৰেলখনত এ চি 1 আৰু এ চি 3 সেৱাৰ ব্যৱস্থা আছে ৷ ইয়াৰেপৰি চিচিটিভি কেমেৰাৰ লগতে প্ৰতিটো দবাতে ৰখা হৈছে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা (Bharat Gaurav train 15 days North East tour)।
লগতে পঢ়ক : Erosion of Brahmaputra: বৰলুইতৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ
ঘৰুৱা পৰ্যটনক উদগনি জনোৱা তথা প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' আৰু 'দেখো আপনা দেশ'ৰ সৈতে সংগতি ৰাখি ভাৰত গৌৰৱ পৰ্যটন ৰে’ল মুকলি কৰা হৈছে । এচি ২ টায়াৰত প্ৰতিজন ব্যক্তিৰ বাবে ১,০৬,৯৯০/- টকাৰ পৰা আৰম্ভ কৰি এচি ১ (কেবিন)ৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ১,৩১,৯৯০/- টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে (Bharat Gaurav Deluxe Tourist Train package) ।
স্বাস্থ্য সম্পৰ্কীয় সৰ্তকতা বিধি পালন কৰি ভাৰতীয় ৰেল বিভাগে প্ৰতিগৰাকী ৰেল যাত্ৰীকে ফেচ মাস্ক, হেণ্ড গ্ল’ভছ আৰু চেনিটাইজাৰ থকা এটাকৈ ছেফটি কিটও প্ৰদান কৰিব ৷ উল্লেখ্য যে, ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ অতিথিৰ বাবে সম্পূৰ্ণ টীকাকৰণ (ডাবল ড’জ) বাধ্যতামূলক কৰা হৈছে এই যাত্ৰাত ।