তেজপুৰ, ১ অক্টোবৰ : লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণা (Lt General DS Rana), এ ভি এছ এম, ৱাই এছ এম, এছ এম, জি অ' চি ৪ কৰ্পছে শনিবাৰে ভাৰতীয় সেনা সেৱা কৰ্পছৰ (Indian Army) মটৰচাইকেল প্ৰদৰ্শন দল 'টৰ্নেডোজ'ক ফ্লেগ অফ কৰে (Indian Army Tornedos Bike Riders bike rally) । মেজৰ ৰম্য ভেংকট আৰু কেপ্টেইন এ এছ গ্ৰেৱালৰ নেতৃত্বত ৰয়েল এনফিল্ডৰ ১৫ জন ৰাইডাৰেৰে গঠিত দলটোৱে আজি তেজপুৰৰ পৰা এই অভিযান আৰম্ভ কৰে (Indian Army Bike rally from Tezpur) ৷
সেনাবাহিনী সেৱা কৰ্পছৰ মটৰচাইকেল প্ৰদৰ্শন দল 'টৰ্নেডোজ' ভাৰতীয় সেনাৰ মূল আকৰ্ষণ হৈ আহিছে । দুঃসাহসিক কৰ্ম, সাহস, কাৰিকৰী দক্ষতা আৰু (Sprit-de-corps) স্পিৰিট-ডি-কৰ্পছৰ মনোভাবৰ প্ৰতিফলন ঘটাইছে এই দলটোৱে । ১৯৬৭ চনত আৰম্ভ হোৱাৰে পৰাই টৰ্নেডোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । তেওঁলোকৰ ৩২টা বিশ্ব অভিলেখৰ আকৰ্ষণীয় ৰেকৰ্ড আছে আৰু প্ৰতি বছৰে ইয়াৰ সংখ্যা বৃদ্ধি পাইছে ।
![সেনাবাহিনীৰ সেৱা কৰ্পছৰ মটৰচাইকেল অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-01oct-pix-armytornados-pranabkumardas-7203907_01102022140311_0110f_1664613191_82.jpg)
এ এছ চি চেণ্টাৰ (দক্ষিণ), বাংগালুৰুত নিয়োজিত এই দলটোত ৩৯ জন ৰাইডাৰ আছে । ইয়াত দুজন বিষয়া, দুজন কনিষ্ঠ কমিছনড বিষয়া আৰু ৩৫ জন অন্যান্য ৰেংকৰ বিষয়া আছে । বিগত পঞ্চাশ বছৰ ধৰি টৰ্নেডোৱে দেশৰ হৈ হাজাৰ হাজাৰ শ্ব’ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে । ভূটানত আন্তর্জাতিক পর্যায়তো ৬ বাৰ ভাৰতক প্রতিনিধিত্ব কৰিছে এই দলটোৱে ৷
বিভিন্ন অভিলেখ সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৩২টা বিশ্ব অভিলেখৰ সন্মানো টৰ্নেডোৰ হাতত আছে । দলটোৱে ২০২০ চনৰ নৱেম্বৰ মাহত বিভিন্ন শাখাৰ অধীনত ৯টা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ইয়াৰে ভিতৰত Longest ride through Tunnel of Fire আৰু Highest and Fastest pyramids সন্নিবিষ্ট আছে । দলটোৱে ২২ দিনত ২৫০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ কাৰাকোৰাম পাছলৈ শীতকালীন অভিযানতো অংশগ্ৰহণ কৰিছিল ।
উল্লেখ্য, ২০২২ চনৰ ৮ ডিচেম্বৰত সেনা সেৱা বাহিনীয়ে ১১ সংখ্যক পুনৰ মিলন আৰু ২৬২ সংখ্যক কৰ্পছৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব । কৰ্পছৰ ইতিহাসক স্মৰণ কৰি জাতিৰ স্বাৰ্থত সেৱা আগবঢ়োৱা এই বীৰ সৈনিক আৰু শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে টৰ্নেডোৱে এইবাৰ দেশৰ উত্তৰ-পূব অঞ্চলত ২৬০০ কিলোমিটাৰ মটৰচাইকেল অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে ।
![সেনাবাহিনীৰ সেৱা কৰ্পছৰ মটৰচাইকেল অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-01oct-pix-tornadoes-pranabkumardas-7203907_01102022140755_0110f_1664613475_849.jpg)
উত্তৰ-পূবৰ ৰাজ্যৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ডৰ বিভিন্ন যুদ্ধ স্মৃতিসৌধত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰোহীসকলে । এই অভিযান ১ অক্টোবৰত তেজপুৰৰ পৰা আৰম্ভ কৰি টেঙা উপত্যকা-বমডিলা-চেলা পাছ- টাৱাঙৰ ( Forward Posts of Tawang-Kalaktang-Guwahati-Shillong-Kombrian-Imphal-Dinjan) মাজেৰে পাৰ হৈ অৱশেষত ১৭ অক্টোবৰত তেজপুৰৰ গজৰাজ যুদ্ধ স্মাৰক শিখৰত উপনীত হ'ব । ১৭ দিনত এই অভিযানে ২৬০০ কিলোমিটাৰ দূৰত্ব সামৰি ল'ব ।