তেজপুৰ, ২৬ জুলাই : 26 জুলাইৰ দিনটো ভাৰতীয় সেনা (Indian Army)ৰ ইতিহাসত এক গৌৰৱৰ অধ্যায় ৷ এফালে ২২ বছৰ আগতে কাৰ্গিলৰ বিজয় দিৱস (Kargil Bijay Diwash), আনফালে ১৯৭১ চনৰ পাকিস্তানৰ লগত হোৱা বাংলাদেশ মুক্তিৰ ৫০ বছৰীয়া স্মৃতি । এই উপলক্ষে সোমবাৰে সেনাৰ ৫১ চাব এৰিয়াৰ দ্বাৰা এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ চাব এৰিয়াৰ দ্বাৰা আয়োজিত এই অভ্যৰ্থনা অনুষ্ঠানৰ স্বৰ্নিম বিজয় মাছাল (Swarnim vijay mashaal) সংকোশ নদী দলঙত গ্ৰহণ কৰা হয় ।

ভাৰতীয় সেনা (Indian Army)ৰ ১০১ ৰ হৈ ৫১ টা উপক্ষেত্ৰৰ এটা দলে অঞ্চলটোৰ প্ৰাক্তন আৰু অসামৰিক বিষয়-ববীয়াসকলৰ সহযোগিতাত গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত এই মাছাল (Swarnim vijay mashaal)ক আদৰণি জনায় । সংকোশ নদীৰ দলঙৰ এই মাছাল উদযাপনৰ সমাপ্তি ঘটে আৰু মেঘালয়ৰ তুৰালৈ মাছাল প্ৰেৰণ কৰা হয় । আনহাতে সেনাৰ মুখপাত্ৰই জনোৱা মতে, এই মাছাল ৮ আগষ্টলৈকে মেঘালয়ত থাকিব আৰু তাৰপিছত এই মাছাল (Swarnim vijay mashaal) অসমলৈ অনা হ’ব ।

লগতে পঢ়ক : পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত