তেজপুৰ,২৪ ছেপ্টেম্বৰ : লাডাখত ভাৰত আৰু চীনা সৈন্যৰ মাজত ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্তৰ পাছতে ভাৰতীয় বায়ু সেনাই লাডাখ অঞ্চলত মিগ -২১ আৰু চুখয়-৩০ কে ধৰি দ্ৰোণৰ জড়িয়তে আধিপত্য দখলৰ সমান্তৰাল কৈ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ সীমান্তত বায়ু সেনাৰ কুচকাৱাজ বৃদ্ধি কৰিছে ।

আনহাতে স্থানীয় সূত্ৰ মতে চীনা সৈন্য বাহিনীৰ তৎপৰতা দিবাং ভেলীৰ দক্ষিণ পূব দিশত সাগলাগাম আনজাও জিলা আৰু দিবাং ভেলীৰ উত্তৰ-পশ্চিম দিশত জিনকিলা আৰু ইপ্সি ভেলী বৰ্তমান স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিগণিত হৈছে। উক্ত অঞ্চলটোৰে চীনা সৈন্য বাহিনী অৰুণাচল প্ৰদেশৰ ভূমিত প্ৰৱেশ কৰে ।
চীন আৰু ভাৰতৰ সেনাৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়তে দৈনিক ন ন তথ্য পোহৰলৈ আহিছে । স্থানীয় সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে কেইদিনমান আগতে অৰুণাচল প্ৰদেশৰ লেপৰাদা জিলাত হৰ্ঠাত পাহাৰৰ পৰা ভাঁহি অহা পানীয়ে দুজন লোকৰ থিতাতে মৃত্যু ঘটিছিল ।আচৰিত কথাটো যে আণ্ডাৰলা নামৰ ভাৰতীয় সেনাৰ পোষ্টৰ বিপৰীতে চীনা সৈন্যই পাহাৰৰ মাজত সচৰাচৰ জমা হৈ থকা হ্ৰদৰ পানী মুকলি কৰি দিয়াৰ ফলত সীমান্তৰ এখন এয়াৰ ফিল্ড জলমগ্ন হৈ পৰিছিল, কিন্তু পৰৱৰ্তী সময়ত উক্ত অঞ্চলটোক সুৰক্ষিত কৰাৰ কথা জানিব পৰা যায় ভাৰতীয় সেনাই।


উল্লেখযোগ্য যে সেই সময়তে পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিং য়ে টুইটাৰত উল্লেখ কৰিছিল যে ডিবাং ভেলীৰ সীমাত বিছিং অঞ্চলৰ ওচৰত চীনা কমিউনিষ্ট পাৰ্টিৰ সহযোগত চীনা সৈন্যই কেবাটাও নতুন পথ নিৰ্মাণ কৰাৰ চেটেলাইটৰ জৰিয়তে সংগ্ৰহ কৰা চিত্ৰত প্রকাশ কৰিছিল ।
