ETV Bharat / state

Army review meeting: নাৰেংগী ছাউনিত সেনাৰ পৰ্যালোচনা বৈঠক

ভাৰতীয় সেনাৰ অপাৰেচন গোটৰ পৰ্যালোচনা বৈঠক (Indian Army Operations Unit Review Meeting) । বৈঠকত অসম আৰু মেঘালয়ৰ আলফা আৰু কে এল অ'ৰ তৎপৰতাৰ ওপৰত চিন্তিত সুৰক্ষা বাহিনী ।

author img

By

Published : Jul 15, 2022, 8:19 PM IST

a
a

তেজপুৰ, ১৫ জুলাই : ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ মুৰব্বী সেনা বিষয়া লেফ্টেনেণ্ট জেনেৰেল দীনেশ সিঙৰ (Chief of 4th Corps of Indian Army) নেতৃত্বত শুকুৰবাৰে সেনাৰ নাৰেংগী শিবিৰত অপাৰেচন গোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় (Indian Army meeting at Narengi camp) । অপাৰেচন গোটৰ এই বৈঠক সেনাৰ ইউনিফাইড কমাণ্ডৰ অধীনত বিভিন্ন সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত অনুষ্ঠিত হয় (Indian Army Operations Unit Review Meeting) ।

ভাৰতীয় সেনাৰ অপাৰেচন গোটৰ বৈঠক
ভাৰতীয় সেনাৰ অপাৰেচন গোটৰ বৈঠক

বিশেষকৈ সুৰক্ষা বাহিনীৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, স্পেচিয়েল ডি জি (আইন শৃংখলা) জি পি সিং (Director General of Police G P Singh), অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰা, ডি জি (স্পেচিয়েল ব্ৰান্স) হীৰেন নাথ , অন্য উচ্চ পৰ্যায়ৰ বিষয়া, চি আৰ পি এফ, ইণ্টেলিজেঞ্চ আৰু অন্যান্য চোৰাংচোৱা সংস্থাৰ লগত এই বৈঠক অনুষ্ঠিত হয় । অসম আৰু মেঘালয়ৰ আৰক্ষী আৰু সুৰক্ষা বিষয়াই অংশগ্ৰহণ কৰা এই বৈঠক অসমৰ বিভিন্ন জিলাৰ পৰা সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন (Armed forced Special Powers Act) প্ৰত্যাহাৰৰ পিছত অনুষ্ঠিত হয় ।

বৰ্তমান নিৰাপত্তাজনিত সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব আৰোপ কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয় । বৈঠকত চোৰাংচোৱা আদান-প্ৰদান, বিদ্ৰোহ-বিৰোধী অভিযান, আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ পুনৰ্সংস্থাপন, সীমান্ত ব্যৱস্থাপনা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । নতুনকৈ আলফা (স্বাধীন) আৰু কে এল অ'ই স্থিতি শক্তিশালী কৰিবলৈ সক্ৰিয় পদক্ষেপ লোৱা সন্দৰ্ভতো বিশেষকৈ আলোচনা কৰা হয় । ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে ।

তেওঁ কয় যে ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় । আনহাতে, উক্ত বৈঠকত অসম আৰক্ষীৰ প্ৰশিক্ষণৰ পদ্ধতিৰ বিষয়েও আলোচনা কৰা হয় । লগতে তেওঁ ভাৰতীয় সেনাই বিভিন্ন স্থানত নতুনকৈ নিয়োজিত কমাণ্ডো আৰু আইন-শৃংখলা বেটেলিয়নসমূহক উন্নত মানদণ্ডৰ বিশেষ দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিব বুলি উল্লেখ কৰে । আনহাতে, অসমত বানপানীৰ সময়ত সেনাবাহিনীৰ লোকে 7763 জন লোকক উদ্ধাৰ কৰা আৰু 121 টন খাদ্য সামগ্ৰী বানপানীৰ কবলত থকা লোকক প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.