ETV Bharat / state

এম কৰুণাকৰ ৰেড্ডীলৈ পদ্মশ্রী যাদৱ পায়েং আন্তঃৰাষ্ট্রীয় বঁটা - PADMA SHRI JADAV PAYENG

ৱাটাৰ মেন অৱ ইণ্ডিয়া খ্যাত, বিশিষ্ট পৰিৱেশকৰ্মী এম কৰুণাকৰ ৰেড্ডীলৈ পদ্মশ্রী যাদৱ পায়েং আন্তৰাষ্ট্রীয় বঁটা ঘোষণা । জ্যোতি প্ৰতাপ শিক্ষা ন্যাসে প্ৰদান কৰিব বঁটা ।

Padma Shri Jadav Payeng International Award to M Karunakar Reddy
এম কৰুণাকৰ ৰেড্ডীলৈ পদ্মশ্রী যাদৱ পায়েং আন্তৰাষ্ট্রীয় বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 9:37 PM IST

গুৱাহাটী: অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত আন্তৰাষ্ট্ৰীয় বঁটা ঘোষণা যোৰহাটৰ জিলাৰ কলীয়াপানীস্থিত জ্যোতি প্ৰতাপ শিক্ষা ন্যাসৰ । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা সদৰী কৰে ন্যাসৰ সভাপতি প্রতাপ শইকীয়াই । উক্ত অনুষ্ঠানত ন্যাসৰ সভাপতি প্রতাপ শইকীয়াৰ লগতে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েঙ, পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

প্রকৃতিৰ সৈতে সংপৃক্ত হৈ জলবায়ু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় পৰিবেশ পৰিচালনা আৰু আদর্শ নেতৃত্বৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিৱেশকলৈ কাম কৰা একোজন ব্যক্তি অথবা অনুষ্ঠানক আগবঢ়োৱা হ'ব পদ্মশ্রী যাদৱ পায়েং আন্তঃৰাষ্ট্রীয় বঁটা ।

এম কৰুণাকৰ ৰেড্ডীলৈ পদ্মশ্রী যাদৱ পায়েং আন্তৰাষ্ট্রীয় বঁটা (ETV Bharat Assam)

সংবাদমেলত উপস্থিত থাকি অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙে কয়,"জীৱন্ত কালত মোৰ নামত এই বঁটা দিয়া বাবে ধন্যবাদ জনাইছোঁ । লগতে ন্যাসে লোৱা এই ভূমিকালৈ ধন্যবাদ জনাইছোঁ । পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাসকলক এনে বঁটা দিয়া উচিত । সকলোৱে প্ৰকৃতিক ভাল পাবলৈ শিকক । সুন্দৰ পৃথিৱীখন সুন্দৰ কৰি ৰাখক, সেউজ অসম, সেউজ ভাৰত, সেউজ পৃথিৱী গঢ়ি তোলক । কোনোৱে যাতে গছ নাকাটে তাৰবাবে আহ্বান জনালোঁ ।"

তেওঁ লগতে কয়,"জীৱশ্ৰেষ্ঠই, পৰিৱেশ ধংস কৰে, গছ কাটে । গতিকে পৃথিৱীৰ ৮০০ কোটি লোকে যদি প্ৰকৃতিক ভাল পাবলৈ শিকে তেনেহলে পৃথিৱীখন সুন্দৰ কৈ পৰিব ।" ইফালে উক্ত সংবাদমেলত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকনে কয়,"মূলাই কাঠনিখ্যাত অৰণ্য স্থাপনেৰে যোৰহাট জিলাৰ পৰা পৰিবেশ সংৰক্ষণৰ এক আন্দোলনৰ আৰম্ভ কৰি বিশ্বত এক আলোড়নৰ সৃষ্টি কৰা অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙৰ প্ৰতি তেওঁক জীৱিত কালতে সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁৰ গৃহ জিলা যোৰহাট জিলাৰ টীয়কৰ সমাজৰ হকে কাম কৰি ভাল পোৱা প্রতাপ শইকীয়াৰ পৰিকল্পনাৰে জ্যোতি প্রতাপ শিক্ষা ন্যাসে এই বঁটা ২০২৫ বৰ্ষৰ পৰা বছৰি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰিছে ।"

তেওঁ লগতে কয়,"ইয়াৰ বাবে পাচঁজনীয়া এখন বাচনি সমিতি গঠন কৰা হৈছে । এই সমিতিত আছে জ্যোতি প্রতাপ শিক্ষা ন্যাসৰ সচিব প্রতাপ শইকীয়া, অৰণ্য মানৱ যাদব পায়েং, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ কর্মী ঋতুৰাজ ফুকন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ ভূগোল আৰু কৃষি বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড৹ অৱনী কুমাৰ ভাগৱতী আৰু শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড৹ ভাৰত বৰা । এই বাচনি সমিতিয়ে নির্বাচিত কৰিব বঁটা প্ৰাপকৰ নাম । প্রতি বছৰৰ জুলাই মাহত বঁটাৰ বাবে আবেদন গ্ৰহণ কৰা হব ।"

বঁটা সন্দৰ্ভত তেওঁ কয়,"বঁটা সন্দৰ্ভত সবিশেষ উপলব্ধ হ'ব www.jyotiprotapgyanmargbidyalay.com ৱেবছাইটত । এই বঁটাত থাকিব এটি স্মাৰক, এখন সম্বর্ধনা পত্র, ২ লাখ টকাৰ চেকৰ লগতে গামোচা, চেলেং আৰু জাপি আদি । এই বঁটা প্ৰদান কৰা হ'ব ৱাটাৰ মেন অৱ ইণ্ডিয়া খ্যাত, বিশিষ্ট পৰিৱেশকৰ্মী যি সমগ্ৰ দেশতে গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হায়দৰাবাদৰ এম কৰুণাকৰ ৰেড্ডীক । টীয়কত ২০২৫ চনৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহত এই বঁটা প্ৰদান কৰা হ'ব ।"

উল্লেখযোগ্য যে দৰিদ্ৰতাৰ বাবে উচ্চ শিক্ষা আহৰণৰ পৰা বঞ্চিত হোৱা সমাজকৰ্মী প্রতাপ শইকীয়াৰ পৰিকল্পনাত ২০২১ চনত গঠন হোৱা জ্যোতি প্ৰতাপ শিক্ষা ন্যাসৰ তত্বাবধানত একেটা বছৰতে স্থাপন কৰা হয় জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয় ।

লগতে পঢ়ক: গিবন অভয়াৰণ্যলৈ অশনি সংকেত; তৈলখননৰ অনুমতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - Hoollongapar Gibbon Sanctuary

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.