তেজপুৰ, ১১ ছেপ্টেম্বৰ : শেহতীয়াকৈ ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলক ভাৰতীয় সেনাৰ বীৰত্বৰ ওপৰত ক’বলৈ সুসজ্জিত সৈনিক সকলৰ দ্বাৰা এক বক্তৃতা অনুষ্ঠাানৰ আয়োজন কৰিছিল । এই আলোচনা চক্ৰত বিশেষকৈ ৱালঙৰ যুদ্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ৷ এই ৱালঙৰ যুদ্ধৰ স্থানীয় লোকসকলৰ সৈতে এটা গভীৰ সম্পৰ্ক আছে ।
১৯৬৩ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনীয়ে ৱালঙৰ যুদ্ধত যুঁজ দিয়া ভাৰতীয় সৈন্যৰ বিষয়ে লিখিছিল যে, ৱালঙত ভাৰতীয় সৈন্যৰ হাতত সকলো বস্তুৰ অভাৱ আছিল । অৱশ্যে তেওঁলোকৰ হৃদয়ত সাহসৰ কোনো ধৰণৰ অভাৱ হোৱা নাছিল । মহাবীৰ চক্ৰৰে পুৰস্কৃত কেৱাল সিঙে দেখুওৱা দৃষ্টান্তমূলক সাহসৰ কাহিনীয়ে অনুষ্ঠানটোত উপস্থিত থকা যুৱক যুৱতী সকলক উৎসাহিত কৰি তুলিছিল ৷ সেই কথা ছাত্ৰ-ছাত্ৰীসকলে সোধা বৃহৎ সংখ্যক প্ৰশ্নৰ পৰা স্পষ্টৰূপত প্ৰকাশ পাইছিল ৷
![indian army inspires youth minds of Hawaii Arunachal pradesh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-11sept-02-pix-anjawarmy-pranabkumardas-7203907_11092021201145_1109f_1631371305_460.jpg)
আনজাও জিলাৰ জনজাতীয় সংস্কৃতিৰ কেন্দ্ৰ হাৱাইত স্বৰ্নিম বিজয় বৰ্ষ উদযাপনৰ অংশ হিচাপে আয়োজিত বক্তৃতা অনুষ্ঠানটোৱে ৰাষ্ট্ৰীয়তাবাদৰ মনোভাৱ গঢ়ি তোলা, আমাৰ সমাজক একেলগে বান্ধি ৰখা আৰু স্থানীয় যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ উমৈহতীয়া লক্ষ্যত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰাত গভীৰভাৱে প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ।
অনুষ্ঠানটোত গাঁৱৰ জ্যেষ্ঠসকলৰ উপৰিও ৬৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ লগতে কামদি, ৱাটং, ৱালা আৰু এনজি গাঁৱৰ গাঁওবুঢ়া সকলো উপস্থিত আছিল । অনুষ্ঠানত ভাষণ প্ৰদান কৰি আনজাও জিলাৰ উপায়ুক্ত আয়ুশী চুদানে যুৱ প্ৰজন্মৰ আগমনৰ বাবে ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি সামূহিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
![indian army inspires youth minds of Hawaii Arunachal pradesh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-11sept-02-pix-anjawarmy-pranabkumardas-7203907_11092021201145_1109f_1631371305_623.jpg)
অনুষ্ঠানটোৰ পিছত সামৰিক সঁজুলি প্ৰদৰ্শন কৰা হৈছিল আৰু ৱালং খণ্ডত নিয়োজিত সৈনিকসকলৰ দ্বাৰা নিৰস্ত্ৰ যুঁজৰ প্ৰদৰ্শন কৰা হৈছিল । স্থানীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ বিভিন্ন দিশৰ লগতে ভাৰতীয় সেনাত নিযুক্তিৰ সুযোগৰ বিষয়ে শিক্ষিত কৰাৰ বাবেও এই অনুষ্ঠান যোগে আশ্বাস প্ৰদান কৰা হয় ।স্বৰ্নিম বিজয় বৰ্ষৰ অংশ হিচাপে আয়োজিত এই অনুষ্ঠানক ভাৰতীয় সেনা আৰু আনজাও জিলাৰ যুৱসকলৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত এতিয়া সচেতন মহলে প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক : চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী মাজুলী আছুৰ