ETV Bharat / state

MoU on Chinese Language Training: ভাৰতীয় সেনা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ মাজত চীনা ভাষা প্ৰশিক্ষণৰ বুজাবুজি চুক্তি স্বাক্ষৰ - Chinese Language training

ভাৰতীয় সেনা আৰু তেজপুৰ বিশ্ববিদ্যালয়ে সেনা জোৱানসকলৰ বাবে চীনা ভাষা প্ৰশিক্ষণৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে (Tezpur University) ।

Chinese Language in Tezpur University
চীনা ভাষা প্ৰশিক্ষণৰ বুজাবুজি চুক্তি
author img

By

Published : Apr 19, 2023, 10:50 PM IST

তেজপুৰ, ১৯ এপ্ৰিল : ভাৰতীয় সেনা বাহিনীৰ জোৱানসকলক চীনা ভাষাত প্ৰশিক্ষণ দিয়াৰ বাবে বুধবাৰে ভাৰতীয় সেনা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (MOU of Tezpur University and Army) । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই বিষয়ে সদৰী কৰিছে । ১৬ সপ্তাহৰ এই পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ।

উপাচাৰ্য অধ্যাপক এছ এন সিঙৰ উপস্থিতিত ভাৰতীয় সেনা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । ১৯৯৪ চনত সংসদৰ আইন অনুসৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্থাপিত তেজপুৰ বিশ্ববিদ্যালয় হৈছে উচ্চ যোগ্যতা সম্পন্ন অধ্যাপক থকা চীনাকে ধৰি বিদেশী ভাষাৰ পাঠদানৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান (Chinese Language in Tezpur University)।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশত ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ দিয়া হৈছিল (Mandarin language training in Arunachal)। অৰুণাচল প্ৰদেশৰ ১৬ জন আৰক্ষী বিষয়াক প্ৰথমবাৰৰ বাবে চীনা ভাষা (Chinese Language training) অৰ্থাৎ মেণ্ডেৰিন ভাষাৰ প্ৰশিক্ষণ দিয়া হয় ৷ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট শাখাই প্ৰদান কৰে এই প্ৰশিক্ষণ ৷ অৰুণাচল চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি পাছিঘাটত স্থাপন কৰা হৈছিল ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট শাখাটো (National Defence University) ৷

এই চীনা ভাষাৰ পাঠ্যক্ৰমে ঘৰুৱা মেণ্ডেৰিনৰ উন্নত কৰিব বুলি আশা কৰা হৈছে । তদুপৰি এই পদক্ষেপে পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি চীনা সামৰিক জোৱানসকলৰ সৈতে কথোপকথন হ’বলৈ সেনা জোৱানসকলৰ দক্ষতা বৃদ্ধি কৰিব । চীনা ভাষাৰ দক্ষতা উন্নত হ’লে সেনাবাহিনীৰ জোৱানসকলে নিজৰ কথা অধিক যুক্তিসংগতভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হ’ব । ইয়াৰ উপৰি চীনৰ সেনাৰ সৈতে বিভিন্ন আদান-প্ৰদান যেনে কমাণ্ডাৰ স্তৰৰ আলোচনা, পতাকা বৈঠক, যৌথ অনুশীলন আৰু সীমান্ত কৰ্মী বৈঠক আদিত সহায়ক হ'ব ।

লগতে পঢ়ক:Sri Sri Athkheliya Namghar: প্ৰধানমন্ত্ৰী আহিলেও কলিয়াবৰ বিজেপিয়ে দখল কৰিব নোৱাৰে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.