ETV Bharat / state

ভাৰতীয় সেনা আৰু NIEDOৰ মাজত চুক্তি, আৰম্ভ হ’ল SUPER 30 কাৰ্যসূচী

Indian Army Super 30: ভাৰতীয় সেনা আৰু ৰাষ্ট্ৰীয় অখণ্ডতা আৰু শৈক্ষিক উন্নয়ন সংস্থাৰ মাজত বুজাবুজি চুক্তি ৷ যুৱক-যুৱতীসকলক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিষয়া পদবীৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য ৷

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 9:38 PM IST

Indian Army Super 30
Indian Army Mou

তেজপুৰ, ৩ জানুৱাৰী : ভাৰতীয় সেনা আৰু ৰাষ্ট্ৰীয় অখণ্ডতা আৰু শৈক্ষিক উন্নয়ন সংস্থাই আজি তামুলপুৰত এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷ চুক্তিখনৰ জৰিয়তে অসমৰ যুৱক-যুৱতীসকলক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিষয়া হিচাবে তালিকাভুক্তিৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱাৰ লক্ষ্যৰ বান্ধি লোৱা হৈছে ৷ তাৰ বাবে ছুপাৰ ৩০ কাৰ্যসূচীৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয় বুধবাৰে ।

ইয়াৰ বাবে তামুলপুৰত বুধবাৰে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ বুজাবুজি চুক্তিখনৰ জৰিয়তে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে লোৱা এই পদক্ষেপৰ বাবে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ তেওঁ মন্তব্য কৰে যে সশস্ত্ৰ বাহিনীৰ বিষয়া পদবীত ভৰ্তিৰ বাবে প্ৰস্তুতি চলাবলৈ ছাত্ৰ-ছাত্ৰীসকলক দৃঢ়তা আৰু উদ্যম বৃদ্ধি কৰিব এই পদক্ষেপে৷

Indian Army Super 30
ভাৰতীয় সেনা আৰু NIEDOৰ মাজত বুজাবুজি চুক্তি

উক্ত কাৰ্যসূচীৰ অন্তৰ্গত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডে অসমৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক সশস্ত্ৰ বাহিনীত বিষয়া হিচাবে যোগদান কৰিবলৈ প্ৰেৰণা যোগাব ৷ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ভাৰতীয় সেনাৰ ৰেড হৰ্ণছৰ নেতৃত্বত আৰম্ভ কৰা এই কাৰ্যসূচীয়ে সশস্ত্ৰ বাহিনীৰ প্ৰতিযোগিতামূলক বাছনি প্ৰক্ৰিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হ’ব বুলি আশা কৰা হৈছে ।

শিক্ষাৰ্থীসকলক এক বিস্তৃত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব, য’ত লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে ৷ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু শৈক্ষিক উন্নয়ন সংস্থাৰ (NIEDO) প্ৰচেষ্টাত প্ৰশিক্ষণ অংশীদাৰ, ৰাষ্ট্ৰীয় যোগ্যতাসহ প্ৰৱেশ পৰীক্ষা (NEET), যৌথ প্ৰৱেশ পৰীক্ষা (JEE) আৰু সাধাৰণ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (CUET)ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সফলতাৰে মেণ্টৰিং আৰু প্ৰশিক্ষণ দিয়াৰ দক্ষতা বান্ধি দিয়া হৈছে ।

আনহাতে তামুলপুৰৰ সেনা ষ্টেচনত ছুপাৰ-৩০ সম্পূৰ্ণ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী হিচাবে অনুষ্ঠিত হ’ব আৰু ২০২৪ চনত দুটা বেটচ গঠিত হ’ব ৷ ৮ জানুৱাৰীৰ পৰা প্ৰথমটো বেটচ আৰু এপ্ৰিল মাহত দ্বিতীয়টো বেটচৰ পৰিকল্পনা কৰা হৈছে ।

পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা সকলো ছাত্ৰ-ছাত্ৰীক সেৱা নিৰ্বাচন ব’ৰ্ডে (এছ এছ বি) পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ হাজিৰ হ’বলৈ কোৱা হ’ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: আৰক্ষীৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.