ETV Bharat / state

জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে ভাৰতীয় সেনা-নাগালেণ্ড চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jan 3, 2021, 10:12 PM IST

Updated : Jan 4, 2021, 9:25 AM IST

নাগালেণ্ডৰ জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ বিষয়া, বায়ুসেনা আৰু নাগালেণ্ডৰ ৰাজ্য চৰকাৰৰ জৰুৰীকালীন বৈঠক ৷ বিগত দিনিদিন ধৰি জ্বলি আছে জুই ৷ বতাহ আৰু শুকান অৰণ্যৰ বাবে অগ্নিকাণ্ডৰ পৰিসৰ বৃদ্ধি পাইছে উক্ত স্থানৰ ৷

indian-army-and-assam-rifles-join-iaf-ndrf-to-douse-fire-in-dzukou-valley-in-nagaland-manipur
জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে ভাৰতীয় সেনা-নাগালেণ্ড চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

তেজপুৰ, 3 জানুৱাৰী : এতিয়াও নিৰ্বাপন হোৱা নাই পাহাৰীয়া সুকোমল চৰাই কলকলনীৰে মুখৰিত নাগালেণ্ডৰ জুক' ভেলীৰ বনজুই ৷ বিগত 3 দিনৰ পৰা নিৰবিচ্ছিন্নভাৱে জ্বলি আছে বনজুই ৷ শেহতীয়াকৈ ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ বিষয়া, বায়ুসেনা আৰু নাগালেণ্ডৰ ৰাজ্য চৰকাৰৰ লগত দেওবাৰে বিয়লি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । কেনেদৰে অগ্নি নিৰ্বাপন কৰিব পৰা যাব আৰু এন ডি আৰ এফক সেনা, বায়ুসেনা আৰু অসম ৰাইফলছৰ জৰিয়তে সহায় আগবঢ়াব এই বিষয়ে আলোচনা কৰে বুলি জনাই প্ৰতিৰক্ষা মুখপাত্ৰ ইষ্টাৰ্ণ কামাণ্ডাৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ।

দেওবাৰে পুনৰ নাগালেণ্ডৰ জুক' অঞ্চলত 3 খন Mi-17V5 হেলিকপ্টাৰৰ জৰিয়তে ভাৰতীয় বায়ু সেনাই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে ৷ ডিমাপুৰ ৰঙাগড়া সেনাবাহিনীৰ শিবিৰৰ পৰা 30 কিলোমিটাৰ নিলগত Mi-17V5 হেলিকপ্টাৰৰ জৰিয়তে বাম্পাৰ বাকেত প্ৰয়োগ কৰিছে অগ্নি নিৰ্বাপনৰ বাবে । মোতায়ন কৰা বাকেতৰ সৰ্বোচ্চ বহন ক্ষমতা 3500 লিটাৰ বুলি জনাই উইং কামাণ্ডাৰ গৰাকীয়ে ৷

উল্লেখ্য যে, জুক' ভেলীৰ মণিপুৰ আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল । জানিব পৰা মতে, 30 ডিচেম্বৰৰ পৰা উক্ত অঞ্চলত বনজুইৰ সৃষ্টি হয় আৰু এক ভয়াবহ ৰূপ ধাৰণ কৰে ৷ নাগালেণ্ড চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সহায় বিচাৰে আৰু 1 জানুৱাৰীৰ নিশা বায়ুসেনাৰ Mi-17V5 আৰু AC-130J হাৰকেলিউছ বিমানৰে 9 টন অগ্নি নিৰ্বাপন সামগ্ৰী আৰু 48 জন এন ডি আৰ এফ ৰ লোকক ডিমাপুৰত এয়াৰ লিফ্ট কৰি জুক' ভেলীৰ সংঘটিত অগ্নিকাণ্ডৰ নিৰ্বাপনাৰ বাবে বৰ্তমানেও প্ৰচেষ্টা বাহাল ৰাখিছে ।

আনহাতে, শ্বিলঙৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বায়ুসেনাৰ সূত্ৰত জানিব পৰা মতে, বায়ুসেনাই দেওবাৰে পুনৰ তিনিখন অতিৰিক্ত হেলিকপ্টাৰ প্ৰেৰণ কৰিছে বামবি বাকেটৰ সৈতে যাৰ দ্বাৰা আটাইতকৈ বেছি পৰিমাণে নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰিব পাৰে বুলি জনাইছে বায়ুসেনাৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

বিষয়া গৰাকীয়ে ইটিভি ভাৰতক কয় যে, অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । জুক' এখন অভয়াৰণ্য যি মণিপুৰৰ সমীপৱৰ্তী আৰু নাগালেণ্ডৰ কহিমাৰ পৰা 30 কিলোমিটাৰ নিলগত অৱস্থিত আৰু ইয়াত নাগালেণ্ডৰ ৰাজ্যিক চৰাই Blyth’s tragopanৰ বসতিস্থল । উক্ত অঞ্চল এখন ভেলীত অৱস্থিত । বন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, প্ৰধান ভেলীত বৰ্তমান অগ্নিকাণ্ডৰ ফলত কোনো ক্ষতি সাধন হোৱা নাই যদিও অত্যন্ত বতাহ আৰু শুকান অৰণ্যৰ বাবে অগ্নিকাণ্ডৰ পৰিসৰ বৃদ্ধি পাইছে । কিন্তু এই বনজুই কেনেকৈ সংঘটিত হৈছে ইয়াৰ বাবে অনুসন্ধান চলি আছে । ৰত্নাকৰ সিঙে আকৌ জনাই যে, নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্রশমন বিভাগ আৰু স্থানীয় যুৱকৰ দ্বাৰাও অগ্নিনিৰ্বাপনৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে । নাগালেণ্ড চৰকাৰে বায়ুসেনাৰ লগত সমান্তৰালভাৱে অগ্নি নিৰ্বাপনৰ বাবে কাম কৰি আছে ৷

লগতে পঢ়ক : অখিল গগৈয়ে হ’ব ৰাইজৰ দলৰ সভাপতি : ৰুবুল দাস

Last Updated : Jan 4, 2021, 9:25 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.