নিউজ ডেস্ক, 3 জুনঃ পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশমাৰ্গত অঘটন ৷ ভাৰতীয় বায়ু সেনাৰ এখন বিমান সোমবাৰে উৰণৰ ঠিক এঘন্টাৰ পিচৰে পৰাই সন্ধানহীন হৈ আছে ৷ বায়ু সেনাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
তথ্য অনুসৰি, বায়ু সেনাৰ এখন এন্টনভ 32 (AN 32) বিমান সোমবাৰে দিনৰ 12:25 বজাত যোৰহাট বায়ু সেনা চাউনীৰ পৰা উৰা মাৰে ৷ 8গৰাকী বিমানকৰ্মী আৰু 5গৰাকী যাত্ৰী লৈ বিমানখনে অৰুণাচলৰ মেচুকা বিমান ঘাটিলৈ বুলি উৰা মাৰে ৷ দিনৰ 1 বজাত বিমানখনে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে শেষ যোগাযোগ সম্পন্ন কৰিছিল ৷ তাৰ পিচৰে পৰাই বিমানখন সন্ধানহীন হৈ আছে ৷
ইতিমধ্য়ে বিমানখনৰ সন্ধানহীন সম্পৰ্কে বায়ু সেনাৰ ভাইচ এয়াৰ চীফ এয়াৰ মাৰ্শ্বাল ৰাকেশ সিং ভাদুৰীয়াৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বিমানখনৰ সন্ধান উলিয়াবলৈ প্ৰয়োজনীয় সকলো দিশ তদাৰক কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷
প্ৰতিৰক্ষা মন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই বায়ু সেনাৰ তৰফৰ পৰা বিমানখন সন্ধানহীন হোৱাৰ সকলো দিশ পৰীক্ষা কৰি থকা হৈছে ৷ সন্ধানহীন বিমানখন বিচাৰি উলিয়াবলৈ ছুখই 30 আৰু C-130 হাৰকুলিছ বিমান দুখনে তেজপুৰ বায়ু সেনা ঘাটিৰ পৰা মেচুকালৈ উৰা মাৰিছে ৷