ETV Bharat / state

দুৰ্যোগৰ মুখামুখিৰ বাবে প্ৰাক্তন সেনাৰ তথ্য সংগ্ৰহ চৰকাৰৰ - Seeks retired army data

বিভিন্ন ঠাইত থকা প্ৰাক্তন ভাৰতীয় সেনাৰ বিস্তৃত তথ্য বিচাৰিছে ভাৰত চৰকাৰে (Seeks retired army data)। যিকোনো ধৰণৰ সম্ভাব্য দুৰ্যোগৰ সময়ত যাতে প্ৰাক্তন সৈনিক তথা সেনা বাহিনীৰ লোকসকলে জনসাধাৰণৰ মাজত সোমাই সহায় কৰিব পাৰে তাৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে ৷

Seeking retired army database
দুৰ্যোগৰ মুখামুখিৰ বাবে প্ৰাক্তন সেনাৰ তথ্য সংগ্ৰহ চৰকাৰৰ
author img

By

Published : Mar 2, 2022, 6:41 PM IST

তেজপুৰ, ২ মাৰ্চ: প্ৰধামন্ত্ৰী কাৰ্য্যালয়ৰ নিৰ্দেশ মতে অসম আৰক্ষীৰ কাৰ্য্যালয়ৰ পৰা অসমৰ বিভিন্ন ঠাইত থকা প্ৰাক্তন ভাৰতীয় সেনাৰ বিস্তৃত তথ্য বিচাৰিছে ভাৰত চৰকাৰে(Seeks retired army data)। যিকোনো ধৰণৰ সম্ভাব্য দুৰ্যোগৰ সময়ত যাতে প্ৰাক্তন সৈনিক তথা সেনা বাহিনীৰ লোকসকলে জনসাধাৰণৰ মাজত সোমাই সহায় কৰিব পাৰে তাৰ বাবে জিলা সৈনিক বৰ্ডৰ পৰা পৰা বিচৰা হৈছে তথ্য ।

দুৰ্যোগৰ মুখামুখিৰ বাবে প্ৰাক্তন সেনাৰ তথ্য সংগ্ৰহ চৰকাৰৰ

তেজপুৰস্থ জিলা সৈনিক বৰ্ডৰ সভাপতি তথা প্ৰাক্তন সেনা বিষয়া লেঃ কৰ্ণেল এ কে নন্দীয়ে ইটিভি ভাৰতক জনায় যে, ইতিমধ্যে এই বিষয়ে সম্পূৰ্ণ তথ্য অসম চৰকাৰ তথা বিভাগীয় বিষয়াক প্ৰতিলিপি প্ৰদান কৰা হৈছে । তেওঁ কয় যে, শোণিতপুৰৰ জিলাত বৰ্তমান প্ৰায় 2,200 ৰো অধিক এনে প্ৰাক্তন সৈনিক আছে আৰু তেওঁলোকৰ বৰ্তমান অৱস্থিতিৰ লগতে সকলো তথ্য আৰু যোগাযোগ ব্যৱস্থাৰ বিষয়ে দাখিল কৰা হৈছে । এনেধৰণৰ পত্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰাক্তন সেনাৰ তথ্য বিচাৰি তেওঁলোকৰ যোগাযোগৰ ফোন নম্বৰ সংগ্ৰহ কৰিছে । মনকৰিবলগীয়া যে, সমগ্ৰ বিশ্বতে বৰ্তমান এক যুদ্ধৰ ভয়াবহতাই সন্ত্ৰাসিত কৰি তোলাত পশ্চিমৰ দেশসমূহে পাৰমাণৱিক যুদ্ধৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ভাৰত চৰকাৰৰ এই প্ৰস্তুতি আৰম্ভ হৈছে ।

লগতে পঢ়ক: Russia Ukraine war: যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.