শোণিতপুৰ, 22 জানুৱাৰী : শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত মৈত্ৰী আঁচনিৰ অধীনত নৱ-নিৰ্মিত ঢেকিয়াজুলি আৰক্ষী থানাৰ শুভ উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ স্বাধীনতা আন্দোলনত 13 গৰাকী বীৰ-বীৰাংগনাই আত্মবলিদান দি ৰক্তৰঞ্জিত ইতিহাস গঢ়ি থৈ যোৱা ঐতিহ্যমণ্ডিত ঢেকিয়াজুলি আৰক্ষী থানা সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে ধাৰতী আবা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷
শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিত শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি বিজড়িত ঢেকিয়াজুলিৰ শ্বহীদ স্তম্ভত উপস্থিত হৈ বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । ইয়াৰ পিচতে দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাংগীণ অভিযান চমুকৈ মৈত্ৰী আঁচনিৰ অধীনত ঢেকিয়াজুলি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন আৰু ঐতিয্যমণ্ডিত ঢেকিয়াজুলি থানাৰ নৱীকৃত ভৱন উদ্বোধন কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীক নৱীকৃত থানা উদ্বোধন কৰিবলৈ অহাৰ সময়ছোৱাত গায়ন-বায়ন, ঢুলীয়া-নাচনী আৰু আয়তিৰ উৰুলিৰ মাজেৰে থানাৰ চৌহদলৈ আদৰি অনা হয় । তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহল, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, বিজেপিৰ জিলা সভাপতি তুলসী বৰঠাকুৰ উপস্থিত থাকে ।
লগতে পঢ়ক : ঐতিহ্যমণ্ডিত জোনবিল মেলাত অচল আধুনিক মুদ্ৰা